বৰপেটা, 8 জানুৱাৰী: দুৰ্নীতিৰ ৰম্যভূমিলৈ পৰিণত বৰপেটা ৷ মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীক নিলম্বন ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব ড৹ জে.বি. এক্কাই তৎকালীনভাৱে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে খণ্ড উন্নয়ন বিষয়াগৰাকীক ৷ নির্দেশ নং-পি আৰ ডি-১২/৯৮/২০২০-পি আৰ ডি (বি)/ ২৬ তাং দিছপুৰ ০৫/০১/২০২১ মৰ্মে নিলম্বন কৰা হয় বিষয়াগৰাকীক ৷
উল্লেখ্য যে, ২০১৭-১৮ বৰ্ষৰ এম জি এন ৰেগা আৰু চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা ৪১,৪,০৩৮ টকা আৰু ৫০,০০০০ টকা ধন আৱন্টন দিয়া হৈছিল । কিন্তু এই ধনৰ অপব্যৱহাৰ কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে । ইয়াৰ উপৰিও বিগত সময়ত কেইবাবাৰো খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে অনিয়ম আৰু চৰকাৰী ধন আত্মসাৎ কৰাৰ বিভিন্ন অভিযোগ । এই অভিযোগ সমূহৰ তদন্ত কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালকে ।
যুটীয়া সঞ্চালকে দাখিল কৰা প্ৰতিবেদন অনুসৰি দুৰ্নীতিগ্ৰস্ত খণ্ড উন্নয়ন বিষয়া পাটোৱাৰীক নিলম্বন কৰে । চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰি এম জি এন ৰেগা আঁচনিৰ ধনেৰে ২০১৭-১৮ বৰ্ষত মন্দিয়াৰ বেচৰকাৰী শিক্ষানুষ্ঠান ড্ৰীমলেণ্ড একাডেমীত ধন খৰচ কৰা, পি এম জি এছ ৱাইৰ পথত এম জি এন ৰেগাৰ ধনৰ অপব্যৱহাৰ কৰা আদিৰ অভিযোগৰ ভিত্তিতে নিলম্বন কৰা হয় । মাত্ৰ এবছৰ পূৰ্বে পঞ্চায়ত সম্প্ৰসাৰণ বিষয়াৰ পৰা খণ্ড উন্নয়ন বিষয়া হিচাপে মন্দিয়া উন্নয়ন খণ্ডত যোগদান কৰিছিল নৱৰত্ন পাটোৱাৰীয়ে ৷