ETV Bharat / state

কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া

author img

By

Published : Sep 20, 2020, 1:14 PM IST

কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া । খহনীয়াত জাহ যায় শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে এখন প্ৰাথমিক বিদ্যালয় । চাৰিখন পঞ্চায়তৰ পোন্ধৰখন ৰাজহ গাঁও লৈ এই খহনীয়াই কঢ়িয়াইছে তীব্ৰ ভাবুকি । কুম্ভকৰ্ণ নিদ্ৰাত প্ৰশাসন আৰু জনপ্ৰতিনিধি । শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে ।

কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া
কলগাছিয়াৰ ক্ষুদ্ৰখোৱা, ডুবাচুৰিত মানাহ নদীৰ ব্যাপক খহনীয়া

জনীয়া, 20 ছেপ্টেম্বৰ : জনীয়া সমষ্টিৰ ক্ষুদ্ৰখোৱাত মানাহ নদীৰ ভয়ংকৰ খহনীয়াৰ ফলত এক সপ্তাহতে নৈৰ বুকুত উটি গ'ল 863নং ক্ষুদ্ৰখোৱা প্ৰাথমিক বিদ্যালয় । আনহাতে দক্ষিণ অভয়াপুৰীৰ হাপাচৰাত মানাহ নদীৰ ভয়ংকৰ খহনীয়াত শ শ পৰিয়াল নৈৰ বুকুত জাহ যোৱাৰ লগতে চপৰা চপৰে উচন হৈছে খেতি-মাটি, পকী পথ । গাঁৱখনত খহনীয়াই ৰূদ্ৰ মুৰ্তি ধাৰণ কৰাত ঘৰ ভেটি উচন হোৱাত পথৰ ভিক্ষাৰীত পৰিণত হৈছে শ শ পৰিয়াল । মানাহ নদীৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে দক্ষিণ অভয়াপুৰীৰ ৰৌখোৱা, হাপাচৰা, ডুবাচুৰি গাঁৱৰ লগতে কলগাছিয়া ৰাজহ চক্ৰৰ জয়পুৰ, ছিকাটাৰী, ইছবপুৰকে ধৰি চাৰিখন পঞ্চায়তৰ প্ৰায় পোন্ধৰখন ৰাজহ গাঁও নৈৰ বুকুত জাহ যোৱাৰ আশংকা কৰিছে ৰাইজে । গাঁওসমূহলৈ তীব্ৰ ভাবুকি সৃষ্টি হোৱাত আতংকিত হৈ পৰাৰ লগতে শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : বৰাকত 12 আসন লাভ কৰিব কংগ্ৰেছ আৰু ইউডিএফৰ মিত্রজোঁটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.