বৰপেটা, 20 মে’: কামত নাই কোনো সৰু বৰ (Inspirational Story)৷ যদি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়েৰে কোনো লোকে নিজৰ সপোনৰ দিশে ধাৱমান হয় তেনেহ’লে সেই সপোন বাস্তৱলৈ পৰিণত হোৱাটো আৱশ্যম্ভাৱী (Hemanta Deka shown signs of self reliance) ৷ ৰাজ্যজুৰি সততে নিৱনুৱা সমস্যাৰ বিষয়ে পৰ্যালোচনা হৈ থকাৰ মাজতে বহুতো লোকে এতিয়া নিজ সামৰ্থৰে বাসগৃহতেই ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে ৷
এইবাৰ বিজ্ঞানসন্মত পদ্ধতিৰে মাছ উৎপাদন কৰি স্বাৱলম্বী হৈছে বৰপেটা জিলাৰ কৰেৰতলৰ হেমন্ত ডেকাই ৷ বিগত 25 বছৰ ধৰি তেওঁ মাছ উৎপাদন আৰু বিক্ৰীৰ লগত জড়িত হৈ আছে (self reliance by producing fish ) ৷
অতি দুখীয়া পৰিয়ালৰ সন্তান হেমন্তই সৰুৰে পৰা উপাৰ্জনত কৰিবলৈ বাধ্য হোৱাত তেওঁ বেছি আনুষ্ঠানিক শিক্ষাও গ্ৰহণ কৰিব নোৱাৰিলে ৷ কিন্তু আত্মনিৰ্ভৰ হোৱাৰ প্ৰবল হেঁপাহ থকাৰ ফলত প্ৰথমে এটা সৰু পুখুৰীত মাছ উৎপাদন আৰম্ভ কৰে লোকজনে ৷ তাৰ পৰা ক্ৰমে এখেজ দুখোজকৈ আগবাঢ়ি বৰ্তমান ডেকাই চাৰিটা বৃহৎ আকাৰৰ পুখুৰীত মাছ উৎপাদন কৰিছে ৷ ডেকাই নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 20 জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে ৷
ডেকাই সদৰী কৰা অনুসৰি প্ৰায় 45 বিঘা মাটিত এই পুখুৰীকেইটা আছে ৷ ইয়াত কোনো ধৰণৰ মানৱ দেহত ক্ষতি কৰিব পৰা ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ মাছ উপাদন কৰা হয় ৷ মাছ বিক্ৰীৰ পৰা হোৱা উপাৰ্জনেৰে সৌৰশক্তিৰ সহায়ত পুখুৰীত পানী জমা কৰা ব্যৱস্থাও গঢ়ি তোলা হৈছে ৷ এতিয়া তেওঁৰ পুখুৰীত উৎপাদিত মাছ নিয়মীয়াকৈ বৰপেটাৰ লগতে আন কেবাখনো বজাৰলৈ যোগান ধৰা হয় ৷
নিজৰ অনুভৱ ব্যক্ত কৰি ডেকাই কয় যে কষ্ট কৰিলে মানুহে নোৱাৰা কাম নাই ৷ এটা সময়ত পথে পথে ভাৰ বান্ধি মাছ বিক্ৰী কৰি ফুৰাৰ পাচত বৰ্তমান তেওঁৰ মাছ উৎপাদন ক্ষেত্ৰখনত 20 জন লোক কৰ্মৰত হৈ আছে ৷ নিজে এতিয়াও বৰপেটা বজাৰত মাছ বিক্ৰী কৰা ডেকাই সদ্যহতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা মাছ বিক্ৰী কৰিব পৰাকৈ এখন ই-ৰিক্সাও লাভ কৰিছে বুলি জানিবলৈ দিয়ে ৷
অনাগত দিনত হেমন্ত ডেকাই চৰকাৰৰ পৰা সহায় লাভ কৰিলে মাছ ব্যৱসায়ৰ জৰিয়তে আৰু অধিক লোকক সংস্থাপন দিয়াৰ উপৰিও আৰু অধিক মাছ উৎপাদন কৰিব সক্ষম হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Poor condition of school: শিক্ষাখণ্ডৰ ফোঁপোলা স্বৰূপ; শ্ৰেণীকোঠাত নহয় ৰান্ধনীশালত পাঠদান শিক্ষীৰ্থীক