বৰপেটা, 29 মেঃ ৰাজ্যত কেবাগৰাকীও টেট শিক্ষয়ত্ৰীৰ সৈতে অনৈতিক ঘটনাৰ লগতে হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিচটো শিক্ষা নল'লে ৰাজ্যৰ শিক্ষা বিভাগে ৷ বিভাগটোৰ চৰম দায়িত্বহীনতাৰ বাবেই বৰপেটাৰ বাঘবৰত চৰম নিৰাপত্তাহীনতা আৰু আতংকত ভুগিবলগীয়া হৈছে একাংশ শিক্ষয়ত্ৰীৰ লগতে শিশু কিশোৰী ৷
বাঘবৰৰ মন্দিয়াস্থিত কস্তুৰবা গান্ধী বালিকা আৱাসিক বিদ্যালয়ত পুনৰাবৃত্তি হৈছে তেনে এক ঘটনাৰ ৷ মঙলবাৰে নিশা বিদ্যালয়খনৰ খিৰিকি ভাঙি শিক্ষয়ত্ৰীৰ কোঠাত বলপূৰ্বক প্ৰৱেশ কৰে এগৰাকী অচিনাক্ত যুৱকে ৷ নিশা প্ৰায় 12 বজাত সংঘটিত এই ঘটনাৰ পৰৱৰ্তী সময়তে শিক্ষয়ত্ৰী গৰাকীয়ে আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে যুৱকজনে ৷
অধিক পঢ়কঃ মহানগৰীত পুনৰ বন্যহস্তীৰ সন্ত্ৰাস: লণ্ডভণ্ড বিদ্যালয়
উল্লেখ্য যে, বিদ্যালয়খনৰ আন্তঃগাথনি অতিকে তথৈবচ আৰু বেছিভাগ দুৱাৰ-খিৰীকিয়ে জৰাজীৰ্ণ অৱস্থাত আছে ৷ তেনে অৱস্থাত প্ৰায় শতাধিক কন্যা শিশুৰ লগতে 10 গৰাকীকৈ শিক্ষয়ত্ৰীৰ জীৱনৰ প্ৰতি আহি পৰিছে ভাবুকি ৷ ভুক্তভোগী শিক্ষয়ত্ৰীসকলে শীঘ্ৰেই চৰকাৰক বিদ্যালয়খনৰ আন্তঃগাথনি উন্নত কৰাৰ লগতে নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সুৰক্ষাকৰ্মী নিয়োজিত কৰিবলৈ দাবী উত্থাপন কৰিছে ৷