ETV Bharat / state

কলগাছিয়াত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল - kalgasia block jornalist assocuation office

2015 চনত অনুষ্ঠিত হোৱা মাদ্ৰাছা টেট পৰীক্ষাত উত্তীৰ্ণ যুৱক যুৱতীসকলক অতি শীঘ্ৰে নিযুক্তি প্ৰদানৰ দাবীত সংবাদমেল ৷ চৰকাৰে কৰিব বিচৰা বৃহৎ নিযুক্তিত মাদ্ৰাছা টেট উত্তীৰ্ণক অন্তৰ্ভুক্তিৰ দাবী ৷

madrassa tet student pressmeet in kalgasia
কলগাছিয়াত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল
author img

By

Published : Jun 12, 2021, 6:54 PM IST

জনীয়া, 12 জুন : ২০১৫ চনতে মাদ্ৰাছা টেট (TET) পৰীক্ষাত উত্তীৰ্ণ যুৱক-যুৱতীসকলক অতি শীঘ্ৰে নিযুক্তিৰ দাবী তুলিছে মাদ্ৰাছা টেট (TET) উত্তীৰ্ণ সন্থাই ৷ ৰাজ্যৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ সদৌ অসম মাদ্ৰাছা টেট(TET) উত্তীৰ্ণ সন্থাৰ বৰপেটা জিলা সন্থাই শনিবাৰে এক সংবাদমেল যোগে তেওঁলোকক নিযুক্তিৰ বাবে অনুৰোধ জনায় ।

কলগাছিয়াত মাদ্ৰাছা টেট উত্তীৰ্ণ সন্থাৰ সংবাদমেল

বিগত ৬ বছৰ ধৰি হতাশাত ভুগী থকা ৰাজ্যৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক নিযুক্তি দিবলৈ আহ্বান জনাই আবেগিক হোৱা পৰিলক্ষিত হয় ৷ সংবাদমেলত দাবী জনাই কয় যে, ৰাজ্যত নতুন কৈ ১ লাখ নিৱনুৱাক চৰকাৰী চাকৰি দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে । উক্ত তালিকাত ২০১৫ বৰ্ষত মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলক আবেদন কৰাৰ সুবিধা দিবলৈ দাবী জনায় । উল্লেখ্য যে, ইতিমধ্যে মাদ্ৰাছা টেট(TET) উত্তীৰ্ণ প্ৰাৰ্থী সকলক বিটিআৰত নিযুক্তি দিছে বিটিআৰ চৰকাৰে, কিন্তু অসমৰ খিনিহে বাকী আছে বুলি সংবাদ মেলত উল্লেখ কৰে সন্থাৰ বিষয়ববীয়াসকলে ৷

উল্লেখযোগ্য যে, শুকুৰবাৰে বৰাকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে টেট(TET) উত্তীৰ্ণ সকলৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, টেট উত্তৰীৰ্ণ হ’লে চাকৰি নিশ্চিত নহয় ৷ গতিকে মাদ্ৰাছা টেট (TET) উত্তীৰ্ণ সন্থাৰ এই দাবীক চৰকাৰে কি ভাৱে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : দুলীয়াজানত ক'ভিড ৰোগীৰ চিকিৎসাৰ বাবে OIEEAৰ সামগ্ৰী প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.