বৰপেটা, 10 মে’: ৰাজ্যত সক্ৰিয় হৈছে চাইবাৰ অপৰাধী চক্ৰ (Raid against cyber criminal) ৷ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান চলাবলৈ ৰাজ্যত এপ্ৰিল মাহৰ পৰা উত্তৰ প্ৰদেশ আৰক্ষীৰ দলে কঠোৰ অভিযান অব্যাহত ৰাখিছে (cyber crime increase in Assam) ৷ মধ্য অসমৰ পাচতেই দেশৰ ভিন্ন স্থানত চাইবাৰ অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে বৰপেটাৰ ৷ এইবাৰ বৰপেটাৰ শিক্ষানুষ্ঠানত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে চলিছে অভিযান ৷ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ পৰা চাইবাৰ অপৰাধীয়ে কৌশলেৰে ডেৰ লাখ টকা হৰলুকি কৰা ঘটনাৰ সৈতে জড়িত হৈ পৰিছে বৰপেটাৰ ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰৰ নাম (Lucknow police raid against cyber criminal) ৷
চাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগত বুধবাৰ তথা 10 মে’ত লক্ষ্ণৌৰ আলমবাগ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিদুল ইছলাম নামৰ এজন ছাত্ৰক ৷ মহিদুল স্নাতক ষষ্ঠ ষাণ্মাষিকৰ ছাত্ৰ ৷ ধৃত মহিদুল ইছলামৰ ঘৰ বৰপেটাৰ সৰ্থেবাৰীৰ নলীগাঁৱত ৷ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত থাকি অধ্যয়ন কৰা মহিদুল ইছলাম কিদৰে ছাইবাৰ অপৰাধৰ সৈতে জড়িত সেই কথা স্পষ্টকৈ কয় লক্ষ্ণৌ আৰক্ষীয়ে ৷
ইপিনে মহিদুল ইছলামৰ সৈতে চাইবাৰ অপৰাধত জড়িত সৰ্থেবাৰী থানাৰ অন্তৰ্গত কাৱৈমাৰী ১০ নং ব্লকৰ মোহনবাজাৰৰ পৰা ছমিৰ আলী নামৰ আন এটা সহযোগীকো গ্ৰেপ্তাৰ কৰিছে লক্ষ্ণৌ আৰক্ষীয়ে (Two cyber criminals arrested in Barpeta) ৷ বৰপেটাৰ কলেজ ছাত্ৰাৱাসত থাকি অধ্যয়ন কৰি থকাৰ মাজতে দেশজুৰি চাইবাৰ অপৰাধৰ জাল মেলি দিয়া মহিদুল ইছলাম আৰু ছমিৰ আলীৰ ঘটনাক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৰপেটাৰ ঐতিহ্যত আঘাত হনা মহিদুল ইছলামক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে বৰপেটাবাসীয়ে ৷
ইফালে যোৱা 25 এপ্ৰিলত উত্তৰ প্ৰদেশৰ পৰা অহা আৰক্ষীৰ এটা দলে মৈৰাবাৰীৰ পৰা এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চকটো মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ৰিজাবুল হক (Cyber criminal arrested in Morigaon)৷ ধৃত ৰিজাবুল হকে 8 টাকৈ ভুৱা বেংক একাউণ্টৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বিভিন্ন লোকৰ পৰা 41 লাখ টকা সৰকাই নিয়া বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছিল (One cyber criminal arrested by UP Police) ৷
লগতে পঢ়ক: Cyber criminal arrested: চাইবাৰ অপৰাধী বিচাৰি অসমত উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযান