ETV Bharat / state

বৰপেটাত প্ৰতিবাদী শিক্ষকক আৰক্ষীৰ বাধা আদবাটতে - মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু সপ্তম দৰমহা বিধিয়ে প্রাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা ৮৭০০ টকাৰ গ্রেড পে' কৰ্তন কৰি আসোঁৱাহ নিৰাময় সমিতিয়ে সৃষ্টি কৰা সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷

মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা প্ৰাথমিক শিক্ষকক বৰপেটাত বাধা আৰক্ষীৰ

author img

By

Published : Jan 22, 2021, 12:27 PM IST

বৰপেটা,২২ জানুৱাৰী: ৰাজ্যৰ প্ৰাথমিক বিদ্যালয় সমূহৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু সপ্তম দৰমহা আয়োগে প্রাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকৰ বাবে নিৰ্ধাৰণ কৰা ৮৭০০ টকাৰ গ্রেড পে' কৰ্তন কৰি আসোঁৱাহ নিৰাময় সমিতিয়ে সৃষ্টি কৰা সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷

মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা প্ৰাথমিক শিক্ষকক বৰপেটাত বাধা আৰক্ষীৰ
ৰাজ্যিক প্ৰাথমিক সন্মিলনীয়ে গ্ৰহণ কৰা মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচীলৈ ৰাওণা হোৱা বঙাইগাঁৱৰ মানিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰায় ৬ খন বাহন আৱদ্ধ কৰি ৰাখিছে বৰপেটা আৰক্ষীয়ে ৷ ইপিনে বৰপেটা চহৰৰ লগতে বৰপেটাৰ হাউলী, কলগাছিয়া, মাজদিয়া আদি বিভিন্ন স্থানৰ পৰা প্ৰতিবাদত যোগদান কৰিবলৈ অহা শিক্ষকৰ বাহন আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে ৷ ৰাজ্যৰ সকলাে প্রাথমিক শিক্ষক আজি গুৱাহাটীৰ চচলত সমবেত হৈ প্ৰাথমিক শিক্ষক সকলৰ সমস্যা সমাধান কৰি আদেশ প্রকাশ নকৰা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত কৰিছিল ।

উল্লেখ্য যে, ১৯৮২ চনৰ ২৮ মে'ত সেইসময়ৰ ৰাজ্য চৰকাৰে প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ প্ৰমোচনেল পদ হ’ব বুলি ঘোষণা কৰি মহকুমা ভিত্তিত জ্যেষ্ঠতাৰ তালিকা যুগুত কৰাৰ বাবে নিৰ্দেশ দিয়াৰ লগতে ইয়াৰ বাবে গেজেট পৰ্যন্ত প্ৰকাশ কৰিছিল । পিছে সেই সময়ৰ চৰকাৰখনে অথবা ইয়াৰ পৰৱৰ্তী সময়ত কোনো চৰকাৰেই উক্ত নিৰ্দেশনা পালনৰ বাবে কেনো কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ শিক্ষক সন্মিলনীয়ে চৰকাৰৰ সৈতে ৪১ বাৰ আনুষ্ঠানিক আৰু শতাধিক বাৰ অনানুষ্ঠানিক আলােচনাত মিলিত হোৱাৰ পিচতো প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলৰ উক্ত সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

আনহাতে সপ্তম দৰমহা আয়োগে ধাৰ্য কৰা নিৰিখ মতে ৮৭০০ টকা গ্ৰেড পে অনুসৰি সােতৰ মাহধৰি দৰমহা লাভ কৰাৰ পিচত পুনৰ দৰমহাৰ নিৰিখ হ্রাস কৰি নতুন আসোঁৱাহৰ সৃষ্টি কৰাৰ বিৰুদ্ধেও শিক্ষকসকলে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷ প্ৰণিধানযোগ্য যে,দেশৰ কোনাে ৰাজ্যত কোনাে শিক্ষক কর্মচাৰীৰ পৰা এনেদৰে দৰ্মহা কর্তন কৰাৰ নজিৰ নাই । এনে অন্যায় কোনাে কাৰণতে মানি ল'ব পৰা নাযাব বুলি সন্মিলনীয়ে ক্ষোভ উজাৰি দুয়ােটা সমস্যা সমাধানৰ বাবে ২০১৯ চনৰ ৩০ ডিচেম্বৰত বৰ্তমানৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্রীক অৱগত কৰাৰ পিচত শীঘ্ৰে উক্ত সমস্যা দুটা সমাধানৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নির্দেশ দিছিল ।

সেই নির্দেশক কেন্দ্ৰ কৰি ২০২০ চনৰ ১৭ জানুৱাৰীত তদানীন্তন শিক্ষামন্ত্রীয়ে ২০২০ চনৰ ৩১ মার্চৰ ভিতৰত মুখ্যমন্ত্রীৰ নির্দেশ কার্যকৰী কৰিম বুলি লিখিত ভাৱে জনাইছিল। কিন্তু ১১ মাহ পাৰ হৈ যোৱাৰ পিছতাে উক্ত প্ৰতিশ্ৰুতি কার্যকৰী কৰা নহ'ল। শেহতীয়াভাবে ২০২০ চনৰ ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্রীৰ লগত হােৱা দুলানী আলােচনাৰ পিছতাে আজিলৈকে চৰকাৰীভাৱে কোনাে এটা সমস্যাৰ সমাধানৰ আদেশ কাৰ্যকৰী কৰা হােৱা নাই । সেয়ে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীয়ে আজি ৰাজ্যৰ সকলাে প্রাথমিক শিক্ষকে গুৱাহাটীৰ চচলত সমবেত হৈ দুয়ােটা সমস্যা সমাধান কৰি আদেশ প্রকাশ নকৰা পর্যন্ত বিত্তীয় লেনদেন আৰু কার্যালয় কেন্দ্রীক কামৰ পৰা সামূহিকভাৱে অসহযােগৰ শপত লৈ মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটীলৈ ৰাওনা হোৱাৰ সময়তে এনেদৰে বিভিন্ন স্থানত প্রাথমিক শিক্ষক সকলক আবদ্ধ কৰি ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ কৰিমগঞ্জৰ মন্দিৰত উদ্ধাৰ গো-মাংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.