ETV Bharat / state

Loyal policemen: কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা অসম আৰক্ষীৰ এখন ছবি - কৰ্তব্যপৰায়ণ আৰক্ষী

এচাম নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰক্ষীৰ লোকে এতিয়াও মানৱতাক জীয়াই ৰাখিছে আৰু তাৰ বাবেই হয়তো আমাৰ সমাজখন সম্পূৰ্ণৰূপে অৰাজক হৈ পৰা নাই । শেহতীয়াকৈ কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা এনে এখন ছবি দেখা গ'ল বৰপেটা জিলাত ৷

loyal-policeman-a-picture-of-assam-police-showing-loyalty-to-duty
কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা অসম আৰক্ষীৰ এখন ছবি
author img

By

Published : Jul 30, 2022, 9:46 AM IST

জনীয়া,30 জুলাই: Polite, Obedient, Loyal, Intelligent, Courageous, Efficient- চমুকৈ POLICE ৷ কিন্তু বাস্তৱিকতে এই গুণসমূহ একোজন আৰক্ষীৰ মাজত দেখিবলৈ পোৱা যায়নে ? নিশ্চয় নাযায় ৷ আঙুলিৰ মূৰত গনিব পৰা অতি সীমিত সংখ্যক আৰক্ষীৰ মাজতহে দেখা যায় এই গুণ । সাধাৰণতে আৰক্ষী বুলি ক'লেই অভদ্ৰ আচৰণ, কৰ্কশ মাতৰ এজন ব্যক্তিৰ ছবিহে সাধাৰণ লোকৰ কল্পনালৈ আহে । জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে সাধাৰণতে ঘোচ লোৱা অথবা অসহায় মানুহৰ ওপৰত অত্যাচাৰৰহে অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহে ।

কিন্তু ইয়াৰ মাজতে এচাম নিষ্ঠাবান, কৰ্তব্যপৰায়ণ আৰক্ষীৰ লোকে এতিয়াও মানৱতাক জীয়াই ৰাখিছে আৰু তাৰ বাবেই হয়তো আমাৰ সমাজখন সম্পূৰ্ণৰূপে অৰাজক হৈ পৰা নাই । এইসকল নিষ্ঠাবান আৰক্ষীৰ লোকৰ বাবেই আইন শৃংখলা ব্যৱস্থাটোৰ প্ৰতি আমাক আস্থাশীল কৰি ৰাখিছে ( Assam Police showing loyalty to duty) ।

কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা অসম আৰক্ষীৰ এখন ছবি

শেহতীয়াকৈ কৰ্তব্যপৰায়ণতাৰ পৰিচয় দাঙি ধৰা এনে এখন ছবি দেখা গ'ল বৰপেটা জিলাত ৷

কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ওম প্ৰকাশ তিৱাৰী। এইগৰাকী আৰক্ষী বিষয়াৰ তৎপৰতাত উদ্ধাৰ হোৱা চুৰি মোবাইলসমূহ ঘৰে ঘৰে গৈ গৰাকীৰ হাতত নিজে গতাই দিলে বিষয়াগৰাকীয়ে (Handed over stolen mobile phones to their owners)৷ মোবাইলৰ প্ৰকৃত গৰাকীয়েও তেওলোকৰ মোবাইলসমূহ উভতাই পাই উৎফুল্লিত হোৱাৰ লগতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক জনালে কৃতজ্ঞতা ৷

উল্লেখ্য, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা, শৰিয়াতপুৰ, ডিমাপুৰ আদি অঞ্চলৰ পৰা বিভিন্ন সময়ত চুৰি হৈ আহিছে মোবাইল ফোন ৷ গৰাকীয়ে তেওলোকৰ মোবাইল চুৰি হোৱা সম্পৰ্কে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি অৱগত কৰি আহিছে যদিও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল এইসমূহ চুৰি মোবাইল। অৱশেষত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ তৎপৰতাত উদ্ধাৰ হয় বহুকেইটা চুৰি মোবাইল ৷

লগতে পঢ়ক: Dwarf Galaxy Formation: বাওনা তাৰকাৰাজ্য গঠনৰ আন্তৰ্জাতিক অধ্যয়নৰ অংশীদাৰ হ’ল তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.