ETV Bharat / state

Erosion at Beki River: বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে নদীত আত্মজাহৰ হুংকাৰ নৈপৰীয়াৰ

author img

By

Published : Apr 6, 2023, 4:43 PM IST

বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়াই শংকিত কৰি তুলিছে কলগাছিয়াৰ বলাইপথাৰৰ গাঁওবাসীক ৷ অচিৰেই গৰখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ দাবী তুলি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গাঁওবাসীয়ে (Local demands Prevention of erosion) ৷

Erosion at Beki River
নদীত আত্মজাহৰ হুংকাৰ প্ৰতিবাদকাৰীৰ
বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া

জনীয়া, 6 এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ ৷ বৰপেটাবাসীৰ অভিশাপস্বৰূপ বেঁকী নদীয়ে প্ৰতি বছৰে প্ৰতি বছৰে জলা-কলা খুৱাই আহিছে নৈপৰীয়া ৰাইজক (Local demands Prevention of erosion)৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱত বেঁকী নদীয়ে সৃষ্টি কৰা গৰাখহনীয়াৰ ফলত গাঁওখনত ত্ৰাসৰ সৃষ্টি হৈছে । বিগত বছৰত প্ৰলয়ংকাৰী বানে তছনচ কৰাৰ পিচতে খৰালিৰ সময়তো বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷

খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক কেইবাবাৰো দাবী জনাইছে যদিও এতিয়ালৈকে কোনো জনপ্ৰতিনিধিৰ খবৰ ল’বলৈ আহৰি নাই (Erosion at Beki River) ৷ ফলত বৃহস্পতিবাৰে বলাইপথাৰৰ গাঁৱৰ লোকসকলে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ দাবীত ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে ৷ ক্ষোভিত প্ৰতিবাদকাৰীসকলে বেঁকী নদীৰ গৰাখহনীয়া ৰোধ কৰক, বলাইপাথাৰত বেঁকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰক, গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগিবই আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, বিগত কেইদিনৰ ভিতৰত বলাইপাথাৰ গাঁৱত 10-15 টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সম্পূৰ্ণৰূপে খহনীয়াত জাহ গৈছে । যদি গৰাখহনীয়া এনেদৰে অব্যাহত থাকে তেন্তে আগন্তুক 15-20 দিনৰ ভিতৰত প্ৰায় 40ৰ পৰা 50 টা গৃহ নদীৰ বুকুত বিলীন হ’ব বুলি ভুক্তভোগী গাওঁবাসীয়ে জানিবলৈ দিয়ে । ইফালে যিসকল লোকে বৰ্তমানলৈ গৰাখহনীয়াৰ কবলত পৰিছে তেওঁলোকৰ বসতি স্থাপন কৰিব পৰাকৈ অন্য স্থান নাই ৷

এতিয়াল পথৰ দাঁতিত আশ্ৰয় গ্ৰহণ কৰিছে খহনীয়াৰ কবলত পৰা লোকসকলে । ৰাইজে জানিবলৈ দিয়া মতে বৰদাঙা, গুইলেজা, মোৱামাৰীত গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰাৰ কথা আছিল যদিও এতিয়ালৈকে কোনো প্ৰতিৰোধৰ কাম আৰম্ভ কৰা নাই । লগতে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেক এই খহনীয়াগ্রস্ত লোকৰ কোনো খবৰ নোলোৱাত ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে।

লগতে পঢ়ক: Erosion of Beki River continues: কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

অনাগত দিনত গৰাখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নকৰিলে ভুক্তভোগী পৰিলাকেইটাই সপৰিয়ালে নদীত আত্মজাহ দিব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷ যদি বিভাগীয় কৰ্তৃপক্ষই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গৰাখহনীয়াৰ কবলত পৰি বলাইপাথাৰ গাঁওখনৰ এদিন যে চিন চাব নোহোৱা হৈ যাব সেয়া নিশ্চিত বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.