ETV Bharat / state

বৰপেটাত ভূমিহীন পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ

author img

By

Published : Jan 23, 2021, 2:53 PM IST

Updated : Jan 23, 2021, 4:37 PM IST

বৰপেটাত ৫ শতাধিক ভূমিহীন পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ল ভূমিৰ পট্টা । জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বিধায়ক গুণীন্দ্ৰ নাথ দাসে মাটিৰ পট্টাসমূহ বিতৰণ কৰে ।

বৰপেটাত ভূমিহীন পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ
বৰপেটাত ভূমিহীন পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ

বৰপেটা, ২৩ জানুৱাৰী: শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ সমান্তৰালকৈ বৰপেটাতো ভূমিহীন পৰিয়াললৈ আগবঢ়োৱা হৈছে মাটিৰ পট্টা । শনিবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত 'খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ' অনুষ্ঠানত ৫ শতাধিক ভূমিহীন পৰিয়ালৰ মাজত ভূমিৰ পট্টা বিতৰণ কৰা হয় ।

অনুষ্ঠানত ৮টা ৰাজহ চক্ৰৰ অধীনৰ ভূমিহীন লোকক পট্টা প্ৰদান কৰা হয় । বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সভাত উপস্থিত থাকে বৰপেটাৰ অগপ বিধায়ক গুণীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত আৰু জিলা প্ৰশাসনৰ বিষয়াসকল ।

বিধায়ক গুণীন্দ্ৰ নাথ দাসে ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰি কয় যে, ৰাজ্যৰ ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি ইতিমধ্যে ৰাজ্যৰ দুই লক্ষাধিক লোকক ভূমিৰ পট্টা বিতৰণ কৰা হৈছে ৷ আনহাতে, শনিবাৰে জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে, এই মাটিৰ পট্টাবোৰৰ জৰিয়তে এতিয়াৰে পৰা ব্যৱসায়িক ঋণ লোৱা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা সহজ হৈ পৰিব ।

লগতে পঢ়ক:শ্বিলঙত উত্তৰ পূৱ পৰিষদৰ সভাত অংশগ্ৰহণ অমিত শ্বাহৰ

Last Updated : Jan 23, 2021, 4:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.