ETV Bharat / state

কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ ৰূপ - কাছুমাৰা

ৰাজ্যত বানৰ ভয়াবহতাই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে ৷ ফেনে - ফুটুকাৰে বাঢ়ি অহা বানে ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস কৰিছে ৷

ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই
author img

By

Published : Jul 1, 2019, 8:35 PM IST

গোৱালপাৰা, 1 জুলাই : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ খহনীয়াত ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ - দুৱাৰ জাহ যোৱাৰ লগতে কৃষি প্ৰধান অঞ্চলটোত জাহ গৈছে শ শ বিঘা কৃষি ভূমি ৷ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে - ফুটুকাৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাত দৰিদ্ৰ কৃষকৰ প্ৰায় এশ বিঘা মৰাপাট খেতিৰ লগতে প্ৰায় ৫০ বিঘা ইৰি ধান খেতিও জাহ গৈছে ৷

ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

এনেদৰে খহনীয়া অব্যাহত থাকিলে দুই এদিনতে শতাধিক পৰিয়ালৰ ঘৰ - দুৱাৰ পানীয়ে গ্ৰাস কৰাৰ আতংকত ভুগিছে গাঁওবাসী ৷ খহনীয়াই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

Intro:slug: as_gol_01jul_801_erosion_vis5+byt2_spl_package_7203844

গোৱালপাৰা, ০১ জুলাই: নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰৰ পানী ফেনে ফুটুকাৰে বাঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে সৃষ্টি হৈছে ভয়ংকৰ গৰাখহনীয়া।Body:slug: as_gol_01jul_801_erosion_vis5+byt2_spl_package_7203844

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই। ভয়াৱহ খহনীয়াত ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ জাহ গৈছে ব্ৰক্ষ্মপুত্ৰত। কৃষি প্ৰধান অঞ্চলটোত ব্ৰক্ষ্মপুত্ৰৰ এনে খহনীয়াত জাহ গৈছে শ শ কৃষি ভূমি। অঞ্চলটোৰ দৰিদ্ৰ কৃষক সকলৰ প্ৰায় এশ বিঘা মৰাপাট খেতিৰ লগতে প্ৰায় ৫০ ইৰি ধান খেতি জাহ গৈছে ব্ৰহ্মপুত্ৰত। ব্ৰক্ষ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত এতিয়া আতংকিত গাঁওবাসী । শংকিত হৈ পৰিছে কেইবা শ পৰিয়াল। এনে খহনীয়া অব্যাহত থাকিলে দুই এদিনতে গ্ৰাস কৰিব শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ । ইপিনে বৰপেটাৰ কাছুমাৰাত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়াই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰাৰ পিছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ । আতংকিত গাঁওবাসীৰ খৱৰ লোৱা স্থানীয় বিধায়ক শুকুৰ আলীয়ে । সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত ব্ৰক্ষ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিজেপি চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে।Conclusion:slug: as_gol_01jul_801_erosion_vis5+byt2_spl_package_7203844

মন্তব্য: স্থানীয় ৰাইজৰ মন্তব্য।

জাহিদুল ইছলাম, গোৱালপাৰা।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.