ETV Bharat / state

Lachit Divas 2022: চাউলখোৱা নৈৰ পাৰত লাচিত বৰফুকন শীৰ্ষক নাট পৰিৱেশন - Veer Lachit Barphukan

লাচিত দিৱসৰ লগত সংগতি ৰাখি বৰপেটাত পৰিৱেশন লাচিত বৰফুকন শীৰ্ষক বিশেষ নাটক (Lachit Borphukan drama performance)। বৰপেটা জিলা প্ৰশাসনে ১৮ নৱেম্বৰৰ পৰা আয়োজন কৰিছে লাচিত দিৱসৰ । শতাধিক লোকৰ অংশগ্ৰহণ অনুষ্ঠানত ।

Lachit Divas 2022
লাচিত বৰফুকন শীৰ্ষক নাট পৰিৱেশন
author img

By

Published : Nov 23, 2022, 1:42 PM IST

বৰপেটা, ২৩ নৱেম্বৰ : অসমৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী (Lachit Divas preparation)। ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ আয়োজন কৰা হৈছে । প্ৰতিখন জিলাতে প্ৰশাসনে লাচিত দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । বৰপেটা জিলা প্ৰশাসনেও ১৮ নৱেম্বৰৰ পৰা লাচিত দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰিছে ।

তাৰ অংশস্বৰূপে বৰপেটাৰ চাউলখোৱা নৈৰ বুকুত আৰু নৈৰ পাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰিৱেশ কৰা হ'ল বিশেষ নাট । বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত আৰু মুখা বৰপেটাৰ সহযোগত বীৰ লাচিতৰ পবিত্ৰ সোঁৱৰণত "লাচিত বৰফুকন" নামেৰে এখন নাটক পৰিৱেশন কৰা হ'ল (Lachit Borphukan drama performance)। বৰপেটাৰ যথেষ্ট সংখ্যক লোকে নৈসৰ্গিক পৰিৱেশৰ মাজত উপভোগ কৰিলে নাটখনি ।

লাচিত বৰফুকন শীৰ্ষক নাট পৰিৱেশন

নাটকখন উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শনসকল । প্ৰশাসন লগতে নাটকখনত অভিনয় কৰা শিল্পী আৰু কলা-কুশলীসকলক অভিনন্দনো জনালে উপস্থিত দৰ্শকে । নাটকখনৰ পৰিচালনা বিশিষ্ট নাট্যকাৰ নিৰ্মল দাসৰ ।

ইফালে নতুন দিল্লীতো এইবাৰ অনুষ্ঠিত হ’ব বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary) । অহা ২৩, ২৪ আৰু ২৫ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ অনুষ্ঠান । লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৬০০ বছৰীয়া আহোম ৰাজত্বৰ বিষয়ে এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে । এই প্ৰদৰ্শনীখন বিত্ত মন্ত্ৰীয়ে উদ্বোধন কৰিব ।

আকৌ দিনত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আলোচনা চক্ৰ আৰু দেশপ্ৰেমমূলক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ’ব । আনহাতে ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ১৫ মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰি ভাষণ প্ৰদান কৰিব (Veer Lachit Barphukan)। উল্লেখ্য যে প্ৰতিবছৰে ২৪ নৱেম্বৰৰ দিনটো গোটেই অসমতে লাচিত ফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত-দিৱস (Lachit Day) হিচাপে পালন কৰা হয় ।

লগতে পঢ়ক :Lachit Divas 2022: লাচিত বৰফুকনৰ জন্মজয়ন্তীত মাৰাথন দৌৰ প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.