ETV Bharat / state

Flood in Barpeta: কৃত্ৰিম বানৰ কৱলত বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম - বৰপেটা জিলাৰ সৰ্থেবাৰী

ৰাজ্যত অব্য়াহত আছে বানৰ বিভীষিকা ৷ সমান্তৰালকৈ বৰপেটা জিলাটো অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বানৰ কৱলত বৰপেটাৰ নসত্ৰস্থিত আধ্যাত্মিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰম(Krishnaguru Sevashram of Barpeta affected in flood) ৷

Krishnaguru Sevashram of Barpeta affected in flood
কৃত্ৰিম বানৰ কৱলত বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম
author img

By

Published : Jun 17, 2022, 9:53 PM IST

বৰপেটা ১৭ জুন : ৰাজ্যত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে বহুকেইখন জিলা(Flood in Assam) ৷ সমান্তৰালকৈ বানৰ কৱলত পৰিছে বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বিভিন্ন অঞ্চল ৷ বৰপেটা জিলাৰ ন সত্ৰস্থিত আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমো এতিয়া বানৰ কৱলত(Krishnaguru Sevashram of Barpeta affected in flood) । টিহু আৰু বুঢ়াদিয়া নৈৰ বাঢ়নী পানীয়ে বটিয়াত মথাউৰি ছিগাৰ ফলত বুৰ গৈছে সেৱাশ্ৰমখন ।

Krishnaguru Sevashram of Barpeta affected in flood
কৃত্ৰিম বানৰ কৱলত বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম

নেৰা নেপেৰা বৰষুণৰ ফলত বৃহস্পতিবাৰে নিশাৰ পৰা সেৱাশ্ৰমখনত বাঢ়িছে পানীৰ পৰিমাণ । ইফালে বৰ্তমানেও বাঢ়িয়ে আছে বানৰ প্ৰকোপ । সেৱাশ্ৰমখনৰ মূল কীৰ্ত্তন ঘৰ, গুৰুগৃহ, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়, কৃষ্ণগুৰু মহাবিদ্যালয়, কৃষ্ণগুৰু বিদ্যাজ্যোতি সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে ।

ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ হোষ্টেলসমূহো বানৰ কৱলত পৰাৰ ফলত ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে । বানৰ বিভীষিকাত হোষ্টেল এৰি এতিয়া ঘৰমুৱা হৈছে ছাত্ৰ-ছাত্ৰীসকল । বানপানীৰ ফলত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে সেৱাশ্ৰমখনৰ সৌন্দৰ্য । ইয়াৰ পূৰ্বেও কেইবাবাৰো বানপানীৰ কৱলত পৰিছিল কৃষ্ণগুৰু সেৱাশ্ৰমখন । ইফালে, পূৰ্বতে হোৱা বানপানীতকৈ এইবাৰৰ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি মন্তব্য কৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে ।

লগতে পঢ়ক : ২৫ খন জিলাৰ ১৭০২ খন গাঁও বিধ্বস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.