জনীয়া, ৪ জুলাইঃ বৰপেটা জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বাবে জিলাখনৰ বিভিন্ন এলেকাত থকা ৰাজপথৰ ওপৰত খেৰ শুকুৱাৰ বাবে প্ৰত্যেক দিনাই সংঘতিত হৈ আছে পথ দুৰ্ঘটনা । বৃহস্পতিবাৰে তেনে এক পথ দুর্ঘটনা সংঘটিত হ'ল কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰিয়াতপুৰত ।
মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দি ঘৰলৈ উভতি যোৱাৰ সময়ত ৰাস্তাত শুকুৱাই থোৱা খেৰৰ বাবে মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই, যাৰ ফলত এখন ভৰিত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় এগৰাকী পৰীক্ষাৰ্থীৰ। পৰীক্ষাৰ্থী গৰাকী সোনাবাৰী গাঁৱৰ মাফিজুৰ ৰহমান । ঘটনাস্থলীত উপস্থিত থকা ৰাইজে পৰীক্ষাৰ্থী গৰাকীক লগে লগে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে । বৰপেটা জিলাৰ গ্ৰামাঞ্চলৰ সকলো পথৰ ওপৰতে এনেদৰে খেৰ শুকোৱা হয় যদিও প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰে নেমছুৰ । ইয়াৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে নেমছুৱে ।
আৰু পঢ়কঃ লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কোকৰাঝাৰত এবিএমছুৰ ধৰ্ণা