ETV Bharat / state

অসমত প্ৰতিদিনে এক লাখ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব: স্বাস্থ্যমন্ত্ৰী

author img

By

Published : May 13, 2021, 10:50 PM IST

বৰপেটা মেডিকেল কলেজ হাস্পতালত বৃহস্পতিবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ আন এটা অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷

Keshab Mahanta at Barpeta Medical College
অসমত প্ৰতিদিনে এক লাখ লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হ’ব: স্বাস্থ্যমন্ত্ৰী

বৰপেটা,১৩ মে’: আজিৰে পৰা প্ৰতিদিনে অসমত এক লাখ লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ এইক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত গুৰুত্ব দিব চৰকাৰে ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত ঘোষণা কৰে এই কথা ৷ ইয়াৰ লগতে বৰপেটা মেডিকেল কলেজ হাস্পতালত পুনৰ আন এটা অক্সিজেন প্লাণ্ট স্থাপন কৰা হ’ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ পৰৱৰ্তী পোন্ধৰ দিনৰ ভিতৰতে এই অক্সিজেন প্লাণ্ট স্থাপন সম্পূৰ্ণ কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ অক্সিজেন প্লাণ্টটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে প্ৰায় দুশখন বিচনাত পাইপৰ জৰিয়তে ৰোগীক অক্সিজেন দিব পৰা যাব ৷

বৃহস্পতিবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুষাল, বজালীৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ আৰু স্বাস্থ্য বিভাগৰ বিষয়া চিকিৎসকসকলৰ সৈতে ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ৷

মন্ত্ৰীগৰাকীয়ে লগতে বৃহস্পতিবাৰে বিয়লি আৰু শুকুৰবাৰৰ পৰাই অক্সিজেন প্লাণ্টৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈকো লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে ৷ ইয়াৰ উপৰি শুকুৰবাৰৰ ভিতৰতে ক'ভিড কীট, ভেকচিন, আৰু ঔষধৰ নাটনি দূৰ কৰাৰো প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ইপিনে গ্ৰামাঞ্চলত ক'ভিড কেয়াৰ চেন্টাৰ স্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে মহন্তই ৷ ইয়াৰ উপৰি ক'ভিড ৰোগীসকলক জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থাকিব আৰু চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ হাস্পতালত ৰোগীৰ মৃত্যু হ’লে সেইসকলৰো তদন্ত কৰাৰ লগতে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰীগৰাকীয়ে লগতে ক'ভিডৰ পৰা ৰক্ষাৰ বাবে দুই এদিনতে নতুন এছঅ’পি প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে ৷ ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি থকা কথাও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ঘৰতে আইছ'লেচনত থকা বা কন্টেইনমেন্ট জ'নত থকা বিপিএল ফেমিলিক দুহেজাৰ টকাৰ খাদ্য সামগ্ৰী প্ৰদানৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়াৰ কথা ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে ক'ভিড কেয়াৰ চেন্টাৰত থকা ৰোগী সকলক নিতৌ তিনিশ টকাৰ খাদ্য প্ৰদান কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে হাস্পাতালসমূহত চিকিৎসাজনিত গাফিলতিক লৈ বিভিন্ন মাধ্যমত যিসমূহ ভিডিঅ’ ভাইৰেল হৈ আছে সেই সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এতিয়াৰে পৰা সকলো ব্যৱস্থা হাতত লোৱা হৈছে বুলি মন্তব্য কৰি আনকি এজন ৰোগীৰ কিয় মৃত্যু হ'ল সেই বিষয়েও তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.