বাইহাটা,8 মে’: বৃহস্পতিবাৰে নিশা কমলপুৰত উদ্ধাৰ কৰা হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ চল্লিশৰ ঊৰ্ধৰ এগৰাকী মহিলাৰ মৃতদেহ ।
প্ৰাপ্ত তথ্য অনুসৰি, অঞ্চলটোৰ একাংশ লোকে 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ তাৰ পাচতেই খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ আৰক্ষীয়ে অৱগত কৰা অনুসৰি, বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই মৃত মহিলাগৰাকীৰ পৰিচয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্যৰ ৷
লগতে পঢ়ক: বিহালীত আটক দুটাকৈ শিশু অপহৰণকাৰী