ETV Bharat / state

ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ জীৱিত মোগলঃ কমল কুমাৰ মেধি - কমল কুমাৰ মেধি

অসম চৰকাৰে 'কা' আন্দোলনৰ সময়ত কেইবা গৰাকী নেতা কৰ্মীক কাৰাৰুদ্ধ কৰিছিল । প্ৰায়বোৰ কাৰবন্দীকে মুকলি কৰি দিছে কিন্তু কৃষক নেতা অখিল গগৈক এটাৰ পাছত আন এটা গোচৰ জাপি দি ষড়যন্ত মূলক ভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে । খুব কম দিনৰ ভিতৰত অখিল গগৈয়ে মুক্তি পাব আৰু মুক্তি পোৱা দিনটোৰ পৰাই অসমত এটা ঐতিহাসিক দিনৰ সূচনা হ'ব আৰু ৰাজনৈতিক চুনামি আৰম্ভ হ'ব বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ জীৱিত মোগলঃ কমল কুমাৰ মেধি

author img

By

Published : Jan 3, 2021, 8:30 PM IST

জনীয়া,3 জানুৱাৰীঃ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত উদমাৰীস্থিত আতোৱাৰ ৰহমান বি এড কলেজ খেল পথাৰত ৰাইজৰ দলৰ কমিটি গঠনাৰ্থে দেওবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাইজৰ দলৰ মুখ্য আহ্বায়ক কমল কুমাৰ মেধিয়ে ভাষণ প্ৰদান কৰে ।

ড৹ হিমন্ত বিশ্ব শৰ্মা অসমৰ জীৱিত মোগলঃ কমল কুমাৰ মেধি

অসম চৰকাৰে 'কা' আন্দোলনৰ সময়ত কেইবা গৰাকী নেতা কৰ্মীক কাৰাৰুদ্ধ কৰিছিল। প্ৰায়বোৰ কাৰবন্দীকে মুকলি কৰি দিছে কিন্তু কৃষক নেতা অখিল গগৈক এটাৰ পাছত আন এটা গোচৰ জাপি দি ষড়যন্ত মূলক ভাবে কাৰাৰুদ্ধ কৰি ৰাখিছে । খুব কম দিনৰ ভিতৰত অখিল গগৈয়ে মুক্তি পাব আৰু মুক্তি পোৱা দিনটোৰ পৰাই অসমত এটা ঐতিহাসিক দিনৰ সূচনা হ'ব আৰু ৰাজনৈতিক চুনামি আৰম্ভ হ'ব বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ।

আনহাতে কমল কুমাৰ মেধিয়ে বিজেপি দলক সমালোচনা কৰি কয় যে, ৰাজ্যত এজনে জীৱিত মোগল আছে সেইজন হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ একেদৰে কমল কুমাৰ মেধিয়ে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক মিয়া মিউজিয়ামতকৈও মিয়াৰ মাটিৰ পট্টা, গৰাখহনীয়া সমস্যা আদিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায় ।

ইপিনে দেওবাৰে ৰাইজৰ দলৰ সভাত জনীয়া সমষ্টি কমিটিৰ বাবে ৬ জন উপদেষ্টা বাচনি কৰা হয় । উপদেষ্টা কেইজন ক্ৰমে, ইব্ৰাহিম আলি, হজৰত আলি, আব্দুল খালেক, আব্দুল হালিম সৰকাৰ, আব্দুল মান্নান চৌধুৰী আৰু ৰফিকুল ইছলাম ।

লগতে পঢ়কঃ 18 শতাংশ বৃদ্ধিৰে আবকাৰী বিভাগে সংগ্ৰহ কৰিলে অভিলেখসংখ্যক কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.