ETV Bharat / state

কলগাছিয়াত চোৰৰ পিঠিত ঔ-কিল

আনে কষ্টেৰে উপাৰ্জন কৰা ধন লুটিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল এটা চোৰ । অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাৰ কাৰ্যালয়ৰ কাষৰে এখন দোকানত লুটপাত চলাবলৈ গৈছিল গভাইত চোৰটোৱে । চুৰি কৰা সামগ্ৰী লৈ পলায়ন কৰিব লওতেই ৰাইজে চোৰটোক উত্তম মধ্যম সোধায় । পিছত ৰাইজে আৰক্ষীক গটাই দিয়ে গভাইত চোৰটোক ।

author img

By

Published : Apr 29, 2021, 5:07 PM IST

কলগাছিয়াত হাতে-লোটে কৰায়ত্ত গভাইত চোৰ
কলগাছিয়াত হাতে-লোটে কৰায়ত্ত গভাইত চোৰ

জনীয়া, ২৯ এপ্ৰিল : 'এশ গৰু মাৰিলে বাঘৰো মৰণ', এই আপ্ত বাক্যশাৰী সুন্দৰকৈ মিলিছে বৰপেটাৰ কলগাছিয়াৰ এটা চোৰৰ সৈতে । অৱশেষত চুৰি কৰি থকাৰ সময়তে হাতে-লোটে কৰায়ত্ত হ'ল দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত কৰি ৰাইজৰ চকুৰ টোপনি হৰণ কৰা গভাইত চোৰ ছাইদুল ইছলাম ।

দৰাচলতে অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাৰ কাৰ্যালয়ৰ কাষৰে এখন দোকানত লুটপাত চলাবলৈ গৈছিল ছাইদুলে । কিন্তু ভাগ্য বেয়া আছিল ছাইদুলৰ । দোকানৰ তলা ভাঙি নগদ ধন আৰু লোহাৰ ৰড চুৰি কৰি নিয়াৰ সময়তে দোকানৰ স্বত্বাধিকাৰীয়ে চোৰটোক প্ৰত্যক্ষ কৰে আৰু চিঞৰ-বাখৰ কৰে । লগে লগে ঘটনাস্থলীত ৰাইজ সমবেত হৈ ছাইদুলক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায় ।

পিছত আৰক্ষীক গটাই দিয়ে গভাইত চোৰটোক । আৰক্ষীয়ে বুধবাৰে চোৰটোৰ ঘৰৰ পৰা নগদ ২৫ হাজাৰ টকা জব্দ কৰে । উল্লেখ্য যে, কোকিলা দক্ষিণপাৰা গাঁৱৰ ছাইদুল ইছলাম নামৰ চোৰটোৱে দীৰ্ঘদিন ধৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছিল । কেইদিনমান পূৰ্বে কলগাছিয়া হোমনিডচ, পম্পী হোটেল, ফেমিলি কেয়াৰত আদিতো চুৰিকাণ্ড সংঘটিত কৰিছিল । ইফালে, মা টেলি ছাৰ্ভিচ, আমিন টেলি চাৰ্ভিচ নামৰ প্ৰতিষ্ঠানৰ লগতে কলগাছিয়াৰ একাংশ ছাত্ৰাবাসৰ পৰা শতাধিক মোবাইল চুৰি কৰিছিল ।

লগতে পঢ়ক:গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.