ETV Bharat / state

জনীয়াত পথ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - যাতায়ত

কলগাছিয়া কৰাৰকুৰ গড়কাপ্তানী পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ । এজাক বৰষুণতে পথৰ মাজত হয় একাঁঠু বোকা । যাতায়তত নৰক যন্ত্ৰণা ভুগিব লগীয়া হৈছে ৰাইজে ।

জনীয়াত ৰাস্তা মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি

author img

By

Published : Apr 23, 2021, 1:31 PM IST

জনীয়া, 23 এপ্ৰিল : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া কৰাৰকুৰ গড়কাপ্তানিটো পথ মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰ ফজল হকৰ বিৰুদ্ধে বিয়াগোম দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । পথছোৱা মেৰামতিৰ নামত 2020/21 বৰ্ষৰ SDRF আঁচনিৰ অধীনত 17 লাখ টকা চৰকাৰে আৱন্টন দিয়ে যদিও ঠিকাদাৰ জনে সামান্য কাম কৰি সিংহভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে ।

জনীয়াত ৰাস্তা মেৰামতিৰ নামত ব্যাপক দুৰ্নীতি

আনহাতে পথছোৱা মেৰামতিৰ কাম চলি থকা অৱস্থাত ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষৰ গাফিলাতিৰ বাবেই এজাক বৰষুণ দিলেই একাঁঠু পানী জমা হোৱাত দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজে নৰক যন্ত্ৰণা ভুগিব লগা হৈছে । ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে যাতায়ত কৰাত অসুবিধাৰ সম্মুখীন হ'ব লগা হৈছে ।

যাৰ বাবে ৰাস্তাৰ দুয়োকাষে নলা নিৰ্মাণ কৰি পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰাৰ বাবে গড়কাপ্তানি বিভাগক দাবী জনোৱাৰ লগতে মেৰামতিৰ নামত কৰা দুৰ্নীতিৰ বিষয়টো জিলা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : সমাধানৰ দিশে ব্ৰু সকলৰ সমস্যা : আৰম্ভ হ'ল স্থায়ী পুনৰ সংস্থাপন প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.