ETV Bharat / state

ভয়ংকৰ খহনীয়া : নেদেখাজনক প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ

author img

By

Published : Aug 8, 2021, 8:48 PM IST

বেঁকী নৈ (Beki River)ৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা ভুক্তভোগী ৰাইজৰ ৷ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

Kalgachia Prayer for Erosion
ভয়ংকৰ খহনীয়া: নেদেখাজনক প্ৰাৰ্থনা নৈপৰীয়া ৰাইজৰ

জনীয়া, 8 আগষ্ট : বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰজাহীত বেঁকী নৈ (Beki River)ৰ খহনীয়াই সৃষ্টি কৰিছে মহাপ্ৰলয় । বিধ্বংসী গৰাখহনীয়াত নিজৰ ঘৰ-মাটি হেৰুৱাই ক্ৰন্দনত ভাগি পৰিছে নৈপৰীয়া ৰাইজে । চকুৰ পলকতে গৃহহীন হ’ল শ-শ লোক ৷ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো কাণসাৰ নাই চৰকাৰৰ ৷ উপায়বিহীন হৈ কলগাছিয়াৰ কাউৰজাহীত বেঁকী নৈ (Beki River)ৰ গৰাখহনীয়া (Erosion) প্ৰতিৰোধৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা ভুক্তভোগী ৰাইজৰ ।

ইতিমধ্যে গৰাখহনীয়াৰ কৱলত পৰি দুই শতাধিক পৰিয়ালৰ মাটি-ভেটি নৈৰ বুকুত জাহ গৈছে ৷ খৰালিৰ সময়ত অবৈধভাৱে মাটি খনন কৰাৰ ফলত এইদৰে বলাইপাথাৰ আৰু খাৰবাল্লী গাঁৱত সৃষ্টি হৈছে তীব্ৰ গৰাখহনীয়া । ইয়াৰ ফলত নিৰুপায় হৈ নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভুক্তভোগী বহু পৰিয়ালে । ঘৰ-মাটি ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ পিছতো চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো খা-খবৰ নোলোৱাৰ অভিযোগ নৈ পৰীয়া ৰাইজৰ ৷

লগতে পঢ়ক- চিকিৎসাৰ অভাৱত ক’ভিড ৰোগী মৃত্যু : পিয়াহৰ পানীয়ো নাপাই ক’ভিড ৰোগীয়ে

ফলত বছৰ বছৰ ধৰি যমৰ-যাতনা ভোগ কৰিবলগীয়া হয় ৰাইজে ৷ খহনীয়া প্ৰতিৰোধ কৰিবলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৷ সম্প্ৰতি জনপ্ৰতিনিধিৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে নৈপৰীয়া ৰাইজে ৷ নিৰুপায় হৈ খহনীয়াৰ পৰা যাতে ৰক্ষা পৰে তাৰ বাবে নেদেখাজনৰ ওচৰত কাতৰ প্ৰাৰ্থনা জনাইছে ৰাইজে ।

উল্লেখযোগ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী ইছব বজাৰত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি বিগত ছয় মাহৰ ভিতৰত প্ৰায় ২০০ টাকৈ পৰিয়ালৰ ঘৰ ভেটি উচন কৰিছে ৷ লগতে বিঘাই বিঘাই খেতি পথাৰ নৈৰ বুকুত জাহ গৈছে । ইয়াৰ পিছতো কাণ সাৰ দিয়া নাই প্ৰশাসন তথা জনপ্ৰতিনিধিয়ে । ফলত নিৰুপায় হৈ ইছব বজাৰৰ বেঁকী নৈৰ পাৰত ভুক্তভোগী ৰাইজ একত্ৰিত হৈ নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৷ লগতে চৰকাৰ তথা জনপ্ৰতিনিধি সকলক সুমতি দিয়াৰ বাবেও সৃষ্টি কৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছে ৰাইজে ।

লগতে পঢ়ক - চন্দ্ৰপুৰত Dumping Ground ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.