ETV Bharat / state

কলগাছিয়াত ই-শক্তি এনিমেটৰ সকলৰ মাজত পৰ্যালোচনা সভা - ই-শক্তিৰ মোবাইল এপ

কলগাছিয়াত নাবাৰ্ডৰ ই-শক্তি প্ৰকল্পৰ কাৰ্যালয়ত মাহেকীয়া পৰ্যালোচনা সভা সম্পন্ন ৷ ৰূপসী উন্নয়ন খণ্ড আৰু মন্দিয়া উন্নয়ন খণ্ডৰ মুঠ ৬০ গৰাকী এনিমেটৰ উপস্থিতিত উক্ত সভা অনুষ্ঠিত হয় ৷

v
কলগাছিয়াত ই-শক্তি এনিমেটৰ সকলৰ মাজত পৰ্যালোচনা সভা
author img

By

Published : Apr 8, 2021, 4:56 PM IST

জনীয়া, 8 এপ্ৰিল: কলগাছিয়াত নাবাৰ্ডৰ ই-শক্তি প্ৰকল্পৰ কাৰ্যালয় প্ৰাঙ্গনত বৃহস্পতিবাৰে ৰূপসী আৰু মন্দিয়া উন্নয়ন খণ্ডৰ ই-শক্তি এনিমেটৰ সকলৰ মাজত এখন মাহেকীয়া পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ হেল্পলাইন ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত উক্ত সভাত ৰূপসী উন্নয়ন খণ্ড আৰু মন্দিয়া উন্নয়ন খণ্ডৰ মুঠ ৬০ গৰাকী এনিমেটৰ উপস্থিত থাকে ।

অনুষ্ঠানত এনিমেটৰ সকলক মাহেকীয়া ডাটা শ্বীট, কেচবুক লিখা আৰু ই-শক্তিৰ মোবাইল এপ, মোবাইল অনলাইন সেৱা সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয় । প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ই-শক্তিৰ ডিএচও জাহিদুল ইছলাম আৰু নাৱাৰ্ডৰ বৰপেটা জিলাৰ এজিএম শ্যামল কুমাৰ দে । লগতে উপস্থিত থাকে হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছান আৰু সম্পাদক বাহাৰুল ইছলাম ।

কলগাছিয়াত ই-শক্তি এনিমেটৰ সকলৰ মাজত পৰ্যালোচনা সভা

মাহেকীয়া প্ৰশিক্ষণৰ জৰিয়তে আত্মসহায়ক গোট সমূহৰ নথি-পত্ৰ সঠিক ভাবে ৰূপায়ণ হব আৰু গোট সমূহ উন্নতিৰ পথত আগবাঢ়িব বুলিও মন্তব্য আগবঢ়াইছে হেল্পলাইন ফাউণ্ডেচনৰ সভাপতি শ্বাফিউল হাছানে ৷

লগতে পঢ়ক: নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.