ETV Bharat / state

জনীয়াৰ শওপুৰত বালি খননে ভাবুকি কঢ়িয়াইছে বহুকেইখন গাঁৱলৈ - অবৈধ বালি ব্যাবসায়ী

স্থানীয় বালি খননকাৰীৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰৰ বালি খননকাৰী সকলে শওপুৰত দিনে-নিশাই বালি খনন কৰি শওপুৰ, কালামপুৰ, বালিকুৰি, খাৰবাল্লী আদি গাঁৱলৈ কঢ়িয়াই আনিছে ভাবুকি ৷

জনীয়াৰ শওপুৰত অবৈধ বালি খননে বহুকেইখন গাঁৱলৈ কঢ়িয়াইছে ভাবুকি

author img

By

Published : Aug 7, 2020, 7:36 PM IST

জনীয়া, 7 আগষ্টঃ সমষ্টিৰ অন্তৰ্গত শওপুৰ বেকী নদীৰ দলঙৰ নিচেই সমীপত বালী খনন কাৰ্যই 2য় ৰাজ্যিক ঘাইপথলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷

ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডলৰ ছত্ৰছায়াত এই খনন কাৰ্য চলিছে বুলি সচেতন ৰাইজৰ লগতে আমছুৰ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ ব্যক্ত কৰিছে ৷ একাংশ স্থানীয় বালি খননকাৰীৰ লগতে বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰৰ বালি খননকাৰী সকলে শওপুৰত দিনে-নিশাই বালি খনন কৰি শওপুৰ, কালামপুৰ, বালিকুৰি, খাৰবাল্লী আদি গাঁৱলৈ কঢ়িয়াই আনিছে অশনি সংকত ৷

আমছুৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমু আমছুৰ নেতা-কৰ্মীয়ে অতি শীঘ্ৰেই এই খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা আমছুৱে বৰপেটা ৰোড সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷

ডাম্পাৰ চালকৰ ভাষ্য

এই খনন কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত বাতৰি পৰিবেশন হৈ আহিছে যদিও বাতৰিলৈ কোনো ভ্ৰূক্ষেপ নকৰে বালি ব্যৱসায়ীসকলে ৷ উল্লেখযোগ্য যে, দ্বিতীয় ৰাজ্যিক ঘাইপথৰ ৰেলিং ভাঙি ডাম্পাৰ সোমোৱাবলৈও কুণ্ঠাবোধ কৰা নাই খননত জড়িত ব্যৱসায়ীসকলে ৷ এইখিনিতে প্ৰশ্ন হয় যে, ৰাজ্যৰ বিজেপি চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জ্ঞাত সাৰেই চলিছে নেকি এই অবৈধ খনন কাৰ্য ? যদি পৰিমল শুক্লবৈদ্যৰ বন বিভাগ জড়িত নহয় তেন্তে বৰপেটা সংমণ্ডলে কিয় এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ যত্ন কৰা নাই ?

লগতে পঢ়কঃ কামপুৰৰ তেতেলিসৰা গুজুঙা ডুবা বিলত মাছৰ অস্বাভাৱিক মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.