জনীয়া, 2 জুলাই: বৰপেটা জিলাৰ কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত কৃত্ৰিম বানপানীহৈ চিকিৎসালয় চৌহদৰ লগতে কাৰ্য্যালয়ৰ প্ৰতিটো কোঠাৰ ভিতৰত পানী জমা হৈ থকাৰ বাতৰি ইটিভি’ত প্ৰকাশ হোৱাৰ পিছতেই গা-লৰিল বৰপেটা জিলা প্ৰশাসনৰ । উল্লেখ্য যে, কৃত্ৰিম বানপানীৰ ফলত স্বাস্থ্য কৰ্মচাৰী, নাৰ্চৰ লগতে ৰোগী স্বাস্থ্য কেন্দ্ৰ লৈ প্ৰৱেশ কৰিব নোৱাৰাত বন্ধ হৈ পৰিছিল কাম-কাজ ।
যাৰ বাবে শুকুৰবাৰে বৰপেটা বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক, গায়ত্ৰী শৰ্মাৰ লগতে কলগাছিয়াৰ চক্ৰ বিষয়া দিপাংকৰ কলিতা, খণ্ড উন্নয়ণ বিষয়া আলী আকবৰ আৰু মহকুমা স্বাস্থ্য বিষয়াই ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চাৰিওফালে অবৈধভাৱে বেদখল কৰি গঢ়ি তোলা দোকান সমূহ উচ্ছেদ কৰি নলা নিৰ্মাণৰ বাবে নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে । ইফালে পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্তই অবৈধভাৱে নিৰ্মাণৰত দোকান এখনৰ দেৱাল ভাঙি থৈ যায় । বৰপেটা জিলা প্ৰশাসনৰ এই সিদ্ধান্তক আদৰনি জনাইছে কলগাছিয়াবাসী ৰাইজে ।
কিছুদিন পূৰ্বে বৰপেটা জিলা(barpeta district)ৰ কলগাছিয়াৰ এই স্বাস্থ্য কেন্দ্ৰটোত হঠাৎ অহা এজাক বৰষুণৰ ফলতে কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ ভিতৰ ভাগ ভৰি পৰিল পানীৰে ৷ যাৰ ফলত বন্ধ হৈ পৰিল কেন্দ্ৰটোৰ সকলো কাম-কাজ ৷ ৰাজ্যত চলি থকা মেগা ভেকচিনেশ্বন(mega vaccination)ৰ সময়তে এনেদৰে কেন্দ্ৰটো বুৰ যোৱাত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷
স্থানীয় ৰাইজৰ অভিযোগ, পূৰ্বৰ পৰাই জনপ্ৰতিনিধি তথা কৰ্তৃপক্ষক জনোৱাৰ পাচতো আজিলৈকে কেন্দ্ৰটো পৰিদৰ্শনৰ বাবে নাহিল কোনো এজন শীৰ্ষ বিষয়া ৷ সততে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ কথা কোৱা পূৰ্বৰ স্বাস্থ্য মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ এনে অৱস্থাই চিন্তিত কৰি তুলিছে অঞ্চলবাসীক ৷ কেন্দ্ৰটোৰ চৌপাশত নলাৰ সু-ব্যৱস্থা নথকাৰ ফলতে প্ৰতিবছৰে এনেদৰে বানত বুৰ গৈ থাকে কেন্দ্ৰটো ৷
সেয়েহে, এই সমস্যাৰ এক স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক আৰু জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান জনাইছে স্বাস্থ্য কেন্দ্ৰটোৰ কৰ্মচাৰী আৰু স্থানীয় ৰাইজে । উল্লেখনীয়ভাৱে ইটিভি ভাৰতত এই বাতৰি প্ৰকাশ পোৱাৰ পাচতেই শুকুৰবাৰে উপায়ুক্ত চক্ৰ বিষয়াকে আদি কৰি মহকুমা স্বাস্থ্য বিষয়াই ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ চাৰিওফালে অবৈধভাৱে বেদখল কৰি গঢ়ি তোলা দোকান সমূহ উচ্ছেদ কৰি নলা নিৰ্মাণৰ বাবে নিৰ্দেশ দিয়াৰ খবৰ পোৱা গৈছে ৷
লগতে পঢ়ক:পুনৰ স্বাস্থ্য কৰ্মীক আক্ৰমণ