জনীয়া, 29 আগষ্ট : কলগাছিয়াৰ কাউৰজাহীত বানত সৃষ্টি হোৱা দ' খাৱৈত পৰি সলিল সমাধি মনিৰ উদ্দিন নামৰ এটি পাঁচ বছৰীয়া শিশুৰ । খুৰাকৰ সৈতে গা-ধুবলৈ আহি পানীত নিৰুদ্দেশ হয় শিশুটি । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে জাল মাৰি তিনি ঘন্টাৰ অন্তত উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, কাউৰজাহী গাঁৱৰ নিজাম উদ্দিনৰ একমাত্ৰ পুত্ৰ সন্তান মনিৰ উদ্দিন (5)এ খুৰাকৰ সৈতে ঘৰৰ ওচৰতে থকা দ' খাৱৈ এটাত গা- ধূবলৈ গৈছিল । গা- ধুই থকা অৱস্থাতে হঠাৎ শিশুটি পানীত নিৰুদ্দেশ হৈ পৰে ।
পিছত স্থানীয় ৰাইজে পানীত নামি নাও, জাল আদিৰে উদ্ধাৰ অভিযান চলায়। শেষত ৰাইজৰ প্ৰচেষ্টাত তিনি ঘন্টাৰ অন্তত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় । স্মৰ্তব্য যে, এইবেলি হৈ যোৱা বেকীনদীৰ বানপানীত কলগাছিয়া-মোৱামাৰী গড়কাপ্তানী পথৰ কাউৰজাহীত বান্ধ ছিগি সৃষ্টি হৈছিল দ' খাৱৈটো আৰু এই দ' খাৱৈটোৰ মাজতেই সৃষ্টি হৈছে অঘটনটো ।
লগতে পঢ়ক : লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং