ETV Bharat / state

Kalgachia Book Fair: 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা

author img

By

Published : Dec 24, 2022, 6:57 PM IST

7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কলগাছিয়াত আৰম্ভ হৈছে দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাৰ উদ্বোধক হিচাপে উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা ৷ এক সাংস্কৃতিক শোভাযাত্ৰাৰে ৰাজ্যৰ কেইবাগৰাকীও বিশষ্ট সাংবাদিক তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতত আজি শুভাৰম্ভ কৰা হয় কলগাছিয়া গ্ৰন্থমেলা ৷

Kalgachia Book Fair
7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা

জনীয়া, 24 ডিচেম্বৰ: শনিবাৰে আৰম্ভ হ’ল দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা(Kalgachia book fair) ৷ শনিবাৰৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে কলগাছিয়া গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাৰ শুভাৰম্ভ অনুষ্ঠানত আজি উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা(Cultural rally at Kalgachia book fair) ৷ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক(MP Abdul Khaleque), অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন, বিশিষ্ট লেখক ৰঞ্জিত কুমাৰ দাস আৰু সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা (Jayanta Baruah) ৷

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হৈছে এই গ্ৰন্থমেলা । শুভাৰম্ভ অনুষ্ঠানত বাল্যকালৰ দুটি বসন্ত কলগাছিয়াত কটোৱাৰ স্মৃতিত প্ৰকাশ কৰি নষ্টালজিক হৈ পৰিল সাদিন-প্ৰতিদিন গোষ্ঠীৰ(Sadin Pratidin) স্বত্বাধিকাৰী জয়ন্ত বৰুৱা ।

লগতে পঢ়ক: DGP on Crime Rate: মহানগৰীত অপৰাধ ৰোধত ব্যৰ্থতা স্বীকাৰ কৰিলে খোদ ডিজিপিয়ে

পঞ্চাশ বছৰ পাছত কলগাছিয়ালৈ আহি বাল্যবন্ধু ড৹ ছোৰমান আলীৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আনন্দিত হোৱা বুলিও কয় বৰুৱাই । উল্লেখ্য যে গ্ৰন্থমেলাখনৰ উদ্বোধন হিচাপে উপস্থিত আছিল জয়ন্ত বৰুৱা ৷

আবেলি ২ বজাৰ পৰা আৰম্ভ হোৱা গ্ৰন্থমেলাৰ মুকলি সভাত সভাপতিত্ব কৰে বৰপেটাৰ সাংসদ তথা আয়োজক সমিতিৰ সভাপতি আব্দুল খালেকে । অসমবাণী কাকতৰ সম্পাদক দিলীপ চন্দন, বিশিষ্ট লেখক ৰঞ্জিত কুমাৰ দাস বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গ্ৰন্থমেলাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায় ।

গ্ৰন্থমেলাৰ আয়োজন কৰি বৃহত্তৰ কলগাছিয়া তথা নামনি অসমত বৌদ্ধিক জাগৰণ গঢ়ি তোলা সাংসদ আব্দুল খালেকৰ লগতে কলগাছিয়াবাসীক ভুয়সী প্ৰশংসা কৰে অতিথিসকলে । দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰিবলৈ ৰাইজক আহবান জনায় আয়োজক সমিতিয়ে।

লগতে পঢ়ক: Swaminarayan Gurukul Amrit Mahotsav : উত্তৰ পূবৰ যুৱ প্ৰতিভাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.