ETV Bharat / state

কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী সভা - বিজেপিৰ নিৰ্বাচনী সভা

জনীয়া বিধানসভা সমষ্টিৰ কলগাছিয়া পাট বজাৰত দেওবাৰে বিজেপিৰ ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্যৰ সভাপতিত্বত বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় ।

কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী সভা
কলগাছিয়াত বিজেপিৰ নিৰ্বাচনী সভা
author img

By

Published : Mar 28, 2021, 10:40 PM IST

জনীয়া,28 মাৰ্চ: জনীয়া বিধানসভা সমষ্টিৰ কলগাছিয়া পাট বজাৰত দেওবাৰে বিজেপিৰ ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্যৰ সভাপতিত্বত বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় । সভাত বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানে তেওঁৰ ভাষণত কয় যে, বিজেপি পৃথিৱীৰ ভিতৰত কেৱল সৰ্ব বৃহৎ দলেই নহয় সৰ্ব সৃষ্ট দল হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এটাও গোষ্ঠী সংঘৰ্ষ হোৱা নাই আৰু সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাসৰ সৈতে কাম কৰি আহিছে ।

তাৰ বিপৰীতে কংগ্ৰেছৰ কাৰ্যকালত বহুবাৰ বিভিন্ন ঠাইত গোষ্ঠী সংঘৰ্ষ হোৱাৰ উদাহৰণ আছে । কংগ্ৰেছৰ দিনত বিদেশীৰ নামত মানুহক ডিটেনশ্বন কেম্পত বন্দী কৰি ৰাখিছে। কিন্তু উচ্চতম ন্যায়ালয়ত বিজেপিয়ে দাখিল কৰা আৱেদনৰ ভিত্তিত ডিটেনশ্বন কেম্পত বন্দী হৈ থকা লোকক জামিনত মোকলাই অনাৰ ব্যৱস্থা কৰা হৈছে ।

জনীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শ্বহিদুল ইছলামে কয় যে, বৰপেটাৰ সাংসদ আব্দুল খালেকে সাংসদ পদটো সুদৃঢ় কৰি ৰখাৰ স্বাৰ্থত জনীয়াৰ কংগ্ৰেছী সকলক নিজৰ প্ৰাইভেট কোম্পানীৰ দৰে ব্যৱহাৰ কৰি কৰি আহিছে । তদ্ৰুপ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামেও নিজৰ বিধায়ক পদটো জীয়াই ৰখাৰ স্বাৰ্থত ইউডিএফক প্ৰাইভেট কোম্পানীৰ দৰে চলাইছে । কিন্তু বিধায়ক আৰু সাংসদ দুগৰাকীৰ সকলো পৰিকল্পনা উফৰাই ৰাইজে বিজেপিক ভোটদি জয়ী কৰিব বুলি শ্বহিদুল ইছলামে দাবী কৰে ।

শ্বহিদুল ইছলামে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক এগৰাকী অকামিলা বিধায়কৰ লগত তুলনা কৰে। শ্বহিদুল ইছলামে নিৰ্বাচিত হ'লে হালধীয়া গাঁও পঞ্চায়তত হস্পিতাল, গুনিয়ালগুৰিত ক্ৰীড়া বিশ্ব বিদ্যালয়, জনীয়া সমষ্টিত চাৰিখনকৈ কলেজ স্থাপন কৰা, প্ৰতিটো পথ পকীকৰণ, নদীৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

লগতে পঢ়কঃ প্ৰথম পৰ্যায়ত উজনিৰ আটাইকেইখন জিলাতে পোনপটীয়া যুঁজ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.