কলগাছিয়া, 10 মাৰ্চঃ কলগাছিয়াৰ গুনিয়ালগুৰি গড়কাপ্তানী পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে ৰাইজ আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক ভোগাইছে যমৰ যাতনা ৷ ইতিমধ্যে দলঙৰ পৰা পৰি কেইবাগৰাকীও লোকৰ লগতে ছাত্ৰ-ছাত্ৰী পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কথাও উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত স্থানীয় সাংসদ আব্দুল খালেক আৰু বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ দলং খনক লৈ গুনিয়াগুৰিৰ ছাত্ৰ-ছাত্ৰীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বুলিও প্ৰকাশ কৰে ৰাইজে ৷ যাৰ বাবে এইখন বাঁহৰ দলঙৰ পৰিৱৰ্তে শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকে ৷
লগতে পঢ়কঃ দৰঙত গৰকাপ্তানি বিভাগৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ