ETV Bharat / state

অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাত উত্তেজনাময় পৰিস্থিতি

বৰপেটাৰ কলগাছিয়াত অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীৰ অভব্য আচৰণত ক্ষুদ্ধ ৰাইজ । বিগত ৬-৭ মাহ ধৰি বেংক কৰ্তৃপক্ষই বন্ধ কৰি ৰাখিছে পাচবুক আপডেটৰ কাম । বেংকৰ ভিতৰতে একাংশ লোকে দালালৰ দৰে কাম কৰাৰো অভিযোগ তুলিছে গ্ৰাহকে । বেংক কৰ্তৃপক্ষৰে গ্ৰাহকৰ তৰ্কা-তৰ্কি হোৱাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ।

অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰীৰ অভব্য আচৰণত ক্ষুদ্ধ ৰাইজ

author img

By

Published : Dec 4, 2020, 3:57 PM IST

জনীয়া, ৪ ডিচেম্বৰ: কলগাছিয়াস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰ্যালয়ত শুক্ৰবাৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । বেংকটোৰ কৰ্মচাৰীসকলে মহিলা গ্ৰাহকসকলৰ সৈতে অভব্য আচৰণ কৰাত ক্ষুদ্ধ হৈ পৰে গ্ৰাহকসকল । বেংকত উপস্থিত থকা গ্ৰাহকসকলৰ অভিযোগ মতে, বিগত ৬-৭ মাহ ধৰি বেংক কৰ্তৃপক্ষই পাচবুক আপডেটৰ কাম বন্ধ ৰাখি গ্ৰাহকক হাৰাশাস্তি ভোগাই আহিছে । লগতে কৰ্মচাৰীৰ পৰা যিকোনো বিষয়ৰ তথ্য জানিব বিচাৰিলে অমাৰ্জিত ব্যৱহাৰ কৰাৰ উপৰিও নথি-পত্ৰসমুহ দলিয়াই পেলাই দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে গ্ৰাহক ৰাইজে ।

ইয়াৰ উপৰিও একাংশ লোকৰ অজ্ঞতাৰ সুযোগ লৈ বেংকটোৰ বাহিৰে-ভিতৰে দুষ্ট লোকে দালালি আৰম্ভ কৰিছে বুলিও ক্ষুদ্ধ গ্ৰাহকে অভিযোগ তোলে । এই ক্ষেত্ৰত গ্ৰাহক ৰাইজে উৰ্ধতন কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে । অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাৰ কৰ্মচাৰীসকলে কৰা আচৰণ সন্দৰ্ভত উচ্চ পদস্থ বিষয়াসকলে ব্যৱস্থা কৰি সাধাৰণ ৰাইজৰ কামসমূহ নিয়মীয়াকৈ কৰিবলৈ নিৰ্দেশ দিবলৈও আহ্বান জনায় ৰাইজে ।

লগতে পঢ়ক:ৰঙিয়াত বিশ্ব প্ৰতিবন্ধী দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.