ETV Bharat / state

বৰপেটাৰোডত দিনজোৰা কাৰ্যসূচীৰে জ্যোতি দিৱস উদযাপন

author img

By

Published : Jan 18, 2020, 3:03 AM IST

বৰপেটাৰোডত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় জ্যোতি দিৱস ৷ বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটাৰোড শিল্পী সমাজ আৰু অনুভূতিৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

বৰপেটাৰোডত উদযাপন
জ্যোতি দিৱস

বৰপেটাৰোড, 17 জানুৱাৰী : বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটাৰোড শিল্পী সমাজ আৰু অনুভূতিৰ সহযোগত শুকুৰবাৰে দিনযোৰা কাৰ্যসূচীৰে জ্যোতি দিৱস পালন কৰা হয় ৷ সাহিত্য সভাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ৷ তাৰ পাচতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰবীন অভিনেতা খাইৰুল ইছলামে ৷ বৰপেটাৰোডৰ বিষ্ণু-জ্যোতি সৰোবৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত ডঃ ৰমেন দাসে আৰু বিষ্ণুপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত উপ-পৌৰপতি ফুলেন দাসে মাল্যাৰ্পণ কৰে ৷ নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ বাবে আগ্ৰহান্বিত কৰাৰ বাবে নৱনিৰ্মিত মোহনলাল চৌধুৰী অধ্যয়ন কক্ষটো শুভ উদ্বোধন কৰে গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতি গয়া প্ৰসাদ দাসে আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ দাসে ৷

জ্যোতি দিৱস

সাংবাদিক জয়ন্ত কুমাৰ দাসে আঁতধৰা সভাখনিত বৰপেটাৰোড পৌৰসভাৰ সভানেত্ৰী সবিতা দেৱনাথ, প্ৰাক্তন অধ্যক্ষ ডঃ ৰমেন দাস, উপাধ্যক্ষা শশীপ্ৰভা গোস্বামী, উপ- পৌৰপতি ফুলেন দাস, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু তেওঁ অসমৰ সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা বহলাই ব্যক্ত কৰে ৷ অনুষ্ঠানত পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰ বাবে গ্ৰন্থ গ্ৰহণৰ এক আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ এই কাৰ্যসূচীত জয়ন্ত কুমাৰ দাসে ১০০ খন গ্ৰন্থ আৰু আলোচনী প্ৰদান কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত বৰপেটাৰোড শিল্পী সমাজ আৰু অনুভূতিয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷

আৰু পঢ়ক : বৰ্তমান মানুহৰ মাজত এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছেঃ কনকসেন ডেকা

Intro:বৰপেটাৰোড 17 জানুৱাৰী : বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত আৰু বৰপেটাৰোড শিল্পী সমাজ আৰু অনুভূতিৰ সহযোগত আজি দিনযোৰা কাৰ্য্যসূচীৰে জ্যোতি দিৱস পালন কৰা হয় ৷ এই উপলক্ষে সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে ৷ তাৰ পিছতে শ্বহীদ সকল শ্ৰদ্ধাঞ্জলি নিবেদন কৰে প্ৰবীন অভিনেতা খাইৰুল ইছলামে ৷Body:বৰপেটাৰোডৰ বিষ্ণু- জ্যোতি সৰোবৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত ডঃ ৰমেন দাসে আৰু বিষ্ণু প্ৰসাদ আগৰৱালাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে উপ- পৌৰপতি ফুলেন দাসে ৷ নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ বাবে আগ্ৰহান্বিত কৰাৰ বাবে নৱ নিৰ্মিত মোহনলাল চৌধুৰী অধ্যয়ন কক্ষটো শুভ উদ্বোধন কৰে গোসাঁইগাওঁ মহকুমাৰ মহকুমাধিপতি গয়া প্ৰসাদ দাসে আৰু বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ নাগৰিক ডিম্বেশ্বৰ দাসে ৷
বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে এই উপলক্ষে আয়োজন কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কুলেন চৌধুৰীয়ে ৷ সাংবাদিক জয়ন্ত কুমাৰ দাসে আঁত ধৰা সভাখনিত বৰপেটাৰোড পৌৰ সভাৰ সভানেত্ৰী সবিতা দেৱনাথ, প্ৰাক্তন অধ্যক্ষ ডঃ ৰমেন দাস, উপাধ্যক্ষা শশীপ্ৰভা গোস্বামী, উপ- পৌৰপতি ফুলেন দাস, বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোবিন্দ তালুকদাৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন আৰু তেওঁ অসমৰ সাংস্কৃতিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ কথা বহলাই ব্যক্ত কৰে ৷ অনুষ্ঠানত পুথিভঁৰাল আৰু অধ্যয়ন কক্ষৰ বাবে গ্ৰন্থ গ্ৰহণৰ এক আঁচনিৰ শুভাৰম্ভ কৰা হয় ৷ এই অাঁচনিৰ জৰিয়তে সদাশয় ৰাইজে গ্ৰন্থ প্ৰদান কৰিব ৷ এই কাৰ্য্যসূচীত জয়ন্ত কুমাৰ দাসে ১০০ খন গ্ৰন্থ আৰু আলোচনী প্ৰদান কৰি আঁচনিখনৰ শুভাৰম্ভ কৰে ৷
অনুষ্ঠানত বৰপেটাৰোড শিল্পী সমাজ আৰু অনুভূতিয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.