বৰপেটা, 9 ডিচেম্বৰ : বুধবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাল চৌহদ (Protest of Junior Doctors in FAAMCH) ৷ হাস্পতালখনৰ চৌহদত কনিষ্ঠ চিকিৎসকসকলে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিয়নো চিকিৎসালয় নাই পৰ্যাপ্ত চিকিৎসক ৷ যাৰ বাবে হাস্পতালখনত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত দেখা দিছে বিভিন্ন সমস্যাই ৷
![Junior Doctor Association protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-01to07-8dec-bmch-junior-dr-association-protest-visbitephoto-as10038_08122021123417_0812f_1638947057_797.jpg)
উল্লেখ্য যে, ৫০ শতাংশ এআইকিউ আসনৰ বাবে NEET PG (NEET PG for AIQ seats) ৰ পৰামৰ্শ ২৫ অক্টোবৰত আৰম্ভ হোৱাৰ কথা আছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এমচিচিয়ে ইয়াক স্থগিত ৰাখিছিল ৷ আইনগত অসুবিধাৰ বাবে বন্ধ হৈ থকা নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলে (Protest of Junior Doctors in FAAMCH) ৷
উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা NEET PG নামভৰ্তি প্ৰক্ৰিয়া সম্পৰ্কীয় গোচৰটোৰ ৬ জানুৱাৰীত হ’ব পুনৰ ৰায়দান প্ৰক্ৰিয়া (The NEET PG enrollment process hearing will be held on January 6) ৷ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই গোচৰটোও শীঘ্ৰে নিষ্পত্তি কৰাৰো দাবীত জনাই বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকলে ৷ লগতে শীঘ্ৰে নতুন চিকিৎসকক নিযুক্তি দিবলৈ দাবী (Demanding for Appointment of New Doctor in Barpeta Medical College Hospital) জনাই প্ৰতিবাদকাৰীসকলে ৷
প্ৰতিবাদী চিকিৎসকসকলে দাবী কৰা অনুসৰি, চিকিৎসকসকলে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে ৰোগী চোৱাত যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অস্ত্ৰপ্ৰচাৰ আৰু জৰুৰীকালীন সেৱা অব্যাহত ৰাখিছে হাস্পতালখনত ৷ যদিহে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে এইক্ষেত্ৰত উচিত পদক্ষেপ নলয়, তেন্তে অনাগত দিনত আৰু অধিক তীব্ৰতৰ কৰি তুলিব এই আন্দোলন ৷
লগতে পঢ়ক : AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ