বৰপেটা ২৯ আগষ্ট: নিয়াৰ জালত বৰ্ধমান বোমা বিস্ফোৰণৰ সৈতে জড়িত থকা জেহাদী ছহিদুল ইছলাম ৷ দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা ছহিদুল ইছলামে অৱশেষত নিয়াৰ জালত পৰি কলকাতাত বিচাৰাধীন হৈ জেলৰ বন্ধ কুঠৰীত দিন অতিবাহিত কৰিছে ৷
উল্লেখ্য যে, জেএমবিৰ অসম মড্যুলৰ মাষ্টাৰ মাইণ্ড শ্বাহনুৰ আলমৰ সৈতে জেহাদী কাৰ্যকলাপত জড়িত হৈ পৰিছিল বৰপেটাৰ জিলাৰ ৰৌমাৰীৰ ছহিদুল ইছলাম ৷ পশ্চিমবংগৰ শিমূলীয়া মাদ্ৰাছাত পঢ়ি থকা সময়তে জে এম বিৰ সংস্পৰ্শত আহিছিল ছহিদুল ৷ শেহতীয়াভাৱে নিয়াৰ আদালতে দোষী সাব্যস্ত কৰা ছহিদুলৰ ভাতৃয়ে কয়- যদি দোষী উপযুক্ত শাস্তি পাওঁক ৷
ইপিনে, জেহাদী কাৰ্যকলাপত জড়িত ছহিদুল ইছলামৰ পৰিয়ালক সমাজচ্যুত কৰি ৰাখিছে গাঁওবাসীয়ে ৷ গাঁওবাসীৰো দাবী, দোষীয়ে উচিত শাস্তি পাওঁক ৷ আমি শান্তি বিচাৰো ৷ এনে কাৰ্যক আমি সমৰ্থন নকৰো ৷