ETV Bharat / state

Barpeta Love Jihad case: বৰপেটাৰ লাভ জিহাদক লৈ ৰাজনীতি হোৱাৰ অভিযোগ জিতু তালুকদাৰৰ

author img

By

Published : Mar 23, 2023, 11:01 PM IST

বৰপেটাত সংঘটিত লাভ জেহাদৰ ঘটনা সন্দৰ্ভত আত্মপক্ষৰ সমৰ্থনেৰে সংবাদমেল সম্বোধন বিজেপি নেতা জিতু তালুকদাৰৰ ৷ এই ঘটনাত তেওঁ জড়িত নহয় বুলি দাবী কৰাৰ লগতে বিধায়ক আশ্ৰাফুল হুছেইনক জগৰীয়া কৰিলে বিজেপি নেতাগৰাকীয়ে (Barpeta Love Jihad case) ৷

BJP leaders name in Love Jihad in Barpeta
Barpeta Love Jihad case
বৰপেটাৰ লাভ জিহাদক লৈ ৰাজনীতি হোৱাৰ অভিযোগ জিতু তালুকদাৰৰ

বৰপেটা 23 মাৰ্চ: বৰপেটাৰ যুৱতী অপহৰণ আৰু লাভ জেহাদৰ ঘটনা সম্পৰ্কে সংবাদমেল বিজেপি নেতা জিতু তালুকদাৰৰ ৷ এই ঘটনাত নাম সাঙোৰ খোৱা জিতু তালুকদাৰে সংবাদমেলৰ যোগেদি আত্মপক্ষ সমৰ্থনৰ চেষ্টা কৰে ৷ তেওঁ কয়, ‘‘বিধায়ক আশ্ৰাফুল হুছেইনক ফোন কৰাতো সঁচা ৷ মই বিধায়কক ফোন কৰি অপহৃত যুৱতী আৰু ৰিতুল হুছেইনক আৰক্ষীক গটাই দিবলৈ কৈছিলো ৷’’ (BJP leaders name in Love Jihad in Barpeta)

অৱশ্যে আৰক্ষীক এই বিষয়ে জনোৱা নাছিল জিতু তালুকদাৰে ৷ ইপিনে সংঘৰ লোক আৰু বিজেপি নেতা, ৰাজ্যিক বিজেপি আৰু মহিলা মৰ্চাক যুৱতীগৰাকী ৰ বিষয়ে অৱগত কৰিছিল বুলি তেওঁ জানিবলৈ দিয়ে ৷ বিজেপিৰ কেইবাজনো কৰ্মীয়ে জিতুক যুৱতীগৰাকী নষ্ট চৰিত্ৰৰ বুলি কৈছিল ৷ যাৰ বাবে যুৱতীগৰাকীক উদ্ধাৰৰ কোনো ব্যৱস্থা লোৱা নহ'ল বুলি মন্তব্য কৰে জিতু তালুকদাৰে (Barpeta Love Jihad case) ৷

লগতে পঢ়ক: Barpeta Love jihad: গ্ৰেপ্তাৰ হ'ব নেকি বিধায়ক আশ্ৰাফুল হুছেইন !

ইপিনে লাভ জেহাদৰ বলি হোৱা বুলি নিজে দাবী কৰা যুৱতীগৰাকী আৰু পিতৃৰ বিৰুদ্ধে আইনৰ কাষ চাপিবলৈ সাজু হৈছে জিতু তালুকদাৰ ৷ তেওঁ বিধায়ক আশ্ৰাফুললৈ ফোন কৰাৰ পৰিৱৰ্তে অপহৃত যুৱতীগৰাকীক উদ্ধাৰৰ বাবে আৰক্ষী অথবা পৰিয়ালক অৱগত কৰিব লাগিছিল বুলি যুৱতীগৰাকী আৰু পিতৃয়ে সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল (Allegation of love jihad against Assam MLA) ৷

সেয়ে অপহৃত যুৱতীগৰাকীৰ লগতে পিতৃয়ে তেওঁৰ নাম সাঙুৰি লোৱাৰ বিৰুদ্ধে আদালতলৈ যাব বুলি সংবাদমেলত জনাইছে জিতু তালুকদাৰে ৷ ইপিনে বিধায়ক আশ্ৰাফুল হুছেইন ঘটনাটোৰে সম্পূৰ্ণৰূপে জড়িত থকা বুলি মন্তব্য জিতু তালুকদাৰৰ ৷ ঘটনাটোক লৈ ৰাজনীতি হোৱা বুলিও মন্তব্য কৰে জিতু তালুকদাৰে ৷

লগতে পঢ়ক: Barpeta Love Jihad: লাভ জেহাদৰ অভিযুক্ত ৰিতুল হুছেইনক কাৰাগাৰলৈ প্ৰেৰণ

উল্লেখ্য যে, এই ঘটনাৰ মুল অভিযুক্ত ৰিতুল হুছেইনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ৰিতুলে সংবাদমেলযোগে এই সমস্ত অভিযোগ নস্য়াৎ কৰি যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্ক থকা বুলি দাবী কৰিছিল ৷ সংবাদমেলত সমস্ত ঘটনাৰ কথা বিবৰি কৈছিল ৰিতুলে ৷ বিধায়ক আশ্ৰাফুল হুছেইন এই ঘটনাত জড়িত নহয় বুলিও ৰিতুলে দাবী কৰে ৷ কিন্তু তাৰ পাচতো আৰক্ষীয়ে ৰিতুলক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে (Ritul Hussain accused of Love Jihad) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.