ETV Bharat / state

ক'ভিড পৰিস্থিতিৰ বাবে বাতিল বৰপেটা সত্ৰৰ শ্ৰীকৃষ্ণৰ নন্দোৎসৱ

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে এইবাৰ বহু ঠাইত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে জন্মাষ্টমী । বৰপেটা সত্ৰত অতি সাধাৰণভাৱে এইবাৰ উদযাপন কৰা হৈছে জন্মাষ্টমী । দৰ্শকৰ আকৰ্ষণৰ অন্যতম কাৰ্যসূচী নন্দোৎসৱ কাৰ্যসূচীও এইবাৰ বাতিল কৰা হৈছে ।

Janmastami
ক'ভিড পৰিস্থিতিৰ বাবে বাতিল বৰপেটা সত্ৰৰ শ্ৰীকৃষ্ণৰ নন্দোৎসৱ
author img

By

Published : Aug 31, 2021, 8:19 PM IST

বৰপেটা, ৩১ আগষ্ট : ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী (Janmastami)। প্ৰতিবছৰৰ দৰে কিন্তু জাক জমকতা আৰু আনন্দ উল্লাহ নাই এইবাৰৰ জন্মাষ্টমীত । ক'ভিড (Covid) পৰিস্থিতি আৰু চৰকাৰী বাধ্য বাধকতাৰ বাবে অতি সাধাৰণভাৱে অসমত উদযাপন কৰা হৈছে জন্মাষ্টমী । বৰপেটা সত্ৰটো পূৰ্বৰ দৰে ব্যস্ততা নাই ।

ক'ভিড পৰিস্থিতিৰ বাবে বাতিল বৰপেটা সত্ৰৰ শ্ৰীকৃষ্ণৰ নন্দোৎসৱ

সীমিত সংখ্যক দৰ্শনাৰ্থীৰ উপস্থিতিত অনুষ্টুপীয়াকৈ বৰপেটা সত্ৰত এইবাৰ জন্মাষ্টমীৰ কাৰ্যসূচী আয়োজন কৰা হয় । সত্ৰ পৰিচালনা সমিতিয়ে উল্লেখ কৰা মতে চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰট'কল (Covid protocol) অনুসৰি সীমিত সংখ্যক দৰ্শনাৰ্থীকহে সত্ৰৰ ভিতৰত প্ৰৱেশত অনুমতি দিয়া হৈছে । মাস্ক পৰিধান কৰা দৰ্শনাৰ্থীহে প্ৰৱেশ কৰিব পাৰিছে সত্ৰত লগতে সত্ৰৰ বাহিৰতে দৰ্শনাৰ্থীসকলক চেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে ।

সমান্তৰালকৈ প্ৰতিষেধক গ্ৰহণ কৰা লোকেহে প্ৰৱেশ কৰিব পাৰিছে সত্ৰত । সত্ৰৰ বাহিৰত আৰক্ষী আৰু পৰিচালনা সমিতিৰ লোকসকলে পৰীক্ষা কৰিছে দৰ্শনাৰ্থীসকলৰ নথি পত্ৰসমূহ । ইফালে ক'ভিড পৰিস্থিতিৰ বাবে এইবাৰ 'নন্দোৎসৱ'ৰ কাৰ্যসূচী বাতিল কৰিছে সত্ৰ পৰিচালনা সমিতিয়ে ।

উল্লেখ্য যে, জন্মাষ্টমীৰ দিনটোত বৰপেটা সত্ৰত প্ৰতিবছৰে হাজাৰ হাজাৰ ভক্তৰ আগমন হয় । জন্মাষ্টমীৰ লগত সংগতি ৰাখি সত্ৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কিন্তু বিগত বছৰত আৰু এইবছৰ ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে জন্মাষ্টমীৰ কেইবাটাও কাৰ্যসূচী বাতিল কৰিবলগীয়া হৈছে । লক্ষণীয়ভাৱে বৰপেটা সত্ৰৰ উপৰিও ইয়াৰ সমীপৰ অঞ্চলবোৰটো জন্মাষ্টমী অনুষ্টুপীয়াকৈ পালন কৰা হৈছে ।

লগতে পঢ়ক :ভূৰবন্ধাত প্ৰলংয়কাৰী বান; মথাউৰিত বন্যাৰ্তৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.