ETV Bharat / state

জনসাধাৰণক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰিছে বিজেপিয়েঃ অভিযোগ

author img

By

Published : Sep 9, 2020, 4:02 PM IST

চৰকাৰ দুখনে কেৱল জনসাধাৰণক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰ বিমুদ্ৰাকৰণ,অপৰিকল্পিত লক ডাউন আৰু দেশৰ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিছে বুলি অভিযোগ কৰে সংবাদমেলত যুৱ কংগ্ৰেছে ৷

Jania Youth Congress Pressmeet
কলগাছিয়াৰ ৰাজীৱ ভৱনত যুৱ কংগ্ৰেছৰ সংবাদমেল

জনীয়া, 9 ছেপ্তেম্বৰঃ বুধবাৰে জনীয়া সমষ্টি যুৱ কংগ্ৰেছে কলগাছিয়া ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত জনীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ৰকিবুল ইছলাম,বৰপেটা জিলা সাধাৰণ সম্পাদক অনিৰুদ্ধ মণ্ডল আৰু জিলা সম্পাদক আতিকুৰ ৰহমান উপস্থিত থাকি দেশৰ ভয়াৱহ নিবনুৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা নিবনুৱাসকলক নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ৭৯৯৮৭৯৯৮৫৪ নম্বৰত মিছ কল দিবলৈ আহ্বান জনায় ।

যুৱ কংগ্ৰছে কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুয়োখনক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে,চৰকাৰ দুখনে কেৱল জনসাধাৰণক মিছা প্ৰতিশ্ৰুতিৰে আভুৱা ভাৰি আহিছে । কেন্দ্ৰীয় চৰকাৰৰ বিমুদ্ৰাকৰণ,অপৰিকল্পিত লক ডাউন আৰু দেশৰ ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি দেশক গভীৰ সংকটলৈ ঠেলি দি দেশৰ উন্নয়ন স্থবিৰ কৰি পেলাইছে বুলি অভিযোগ আনে ৷

লগতে পঢ়কঃ গোলাঘাটত শুৰ পোকৰ উপদ্ৰৱঃ বিপদত কৃষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.