জনিয়া, 13 মে’: পৱিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ জনীয়াৰ বিধায়ক ড°ৰফিকুল ইছলামে শুভকামনা জ্ঞাপন কৰিছে । ইয়াৰ লগতে বিধায়ক ড° ইছলামে ঈদৰ নামাজ পঢ়াৰ সময়ত চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই সকলোকে।
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে ক’ভিডৰ নতুন এছঅ’পি ৷ এনে সময়তে শনিবাৰৰ পৱিত্ৰ ঈদৰ দিনটোত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবেলি অনুষ্টুপীয়াকৈ উদযাপন কৰিব লাগিব পৱিত্ৰ ঈদ-উল-ফিতৰ ৷
লগতে পঢ়ক : নগাঁৱৰ বামুণী পাহাৰত ২০ টাকৈ হাতীৰ কৰুণ মৃত্যু