জনীয়া, 19 এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷ দেওবাৰে সন্ধিয়া 6.20 বজাত ডাঃ ভূমিধৰ বৰ্মনে দিছপুৰ নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স 90 বছৰ আছিল ৷ তেখেতৰ মৃত্যুত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে গভীৰ শোক প্ৰকাশ কৰে। বিধায়কজনে কয় যে, বৰ্মনে গোটেই অসমৰ লগতে জনীয়া সমষ্টিৰ কলগাছিয়াৰ লগত নিবিড় সম্পৰ্ক ৰাখিছিল আৰু সেই হিচাপে তেখেতৰ মৃত্যুত মৰ্মাহত হৈছে ।
উল্লেখ্য যে, ডাঃ ভূমিধৰ বৰ্মনে অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অসমৰ ৰাইজে তেওঁক সদায় মনত ৰাখিব । সেয়েহে জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামেও কলগাছিয়াবাসীৰ ৰাইজৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ শান্তি কামনা কৰে ।
লগতে পঢ়ক : ফকিৰাগ্ৰামত উলহ-মালহৰে ষট পূজা পালন