ETV Bharat / state

জনীয়াত ভাস্কো ডি শইকীয়াই চলালে নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 1, 2021, 8:42 PM IST

জনীয়া সমষ্টিৰ বাবে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আশ্ৰফুল ইছলামৰ হৈ প্ৰচাৰ চলালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই । ভাস্কো ডি শইকীয়াই জনীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামকো ক্ষুৰধাৰ সমালোচনা কৰে ৷

jania-election-campaign
জনীয়াত ভাস্কো ডি শইকীয়াই চলালে নিৰ্বাচনী প্ৰচাৰ

জনীয়া, 1 এপ্ৰিল : জনীয়া সমষ্টিৰ বাবে ৰাইজৰ দলৰ মনোনীত প্ৰাৰ্থী আশ্ৰফুল ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ বৃহস্পতিবাৰে জনীয়া সমষ্টিত উপস্থিত হয় ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া । ভাস্কো ডি শইকীয়াই সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিজেপিয়ে যাতে পুনৰ অসমৰ শাসন গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজৰ দলে কাম কৰি যোৱা বুলি দোহাৰে নেতাগৰাকীয়ে ।

ৰাইজৰ দলৰ নেতা-কৰ্মী সকলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াক বিপুল আদৰণি জনায় । ভাস্কো ডি শইকীয়াই জনীয়া সমষ্টিৰ খৰিচলাত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰফুল ইছলামৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । ভাস্কো ডি শইকীয়াই জনীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে জনীয়া সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী আশ্ৰফুল ইছলামৰ জয় নিশ্চিত বুলি দাবী কৰে ।

তদুপৰি মন্ত্ৰী পিযুষ হাজৰিকাই টেলিফোনযোগে সাংবাদিকক ধমক দিয়া কাৰ্য্যক দূৰ্ভাগ্যজনক বুলি মন্তব্য আগবঢ়ায় ভাস্কো ডি শইকীয়াই ।

লগতে পঢ়ক: এআইইউডিএফৰ কাৰ্যালয় স্থাপনক লৈ সৰৱ কল্পনা পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.