ETV Bharat / state

জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল

author img

By

Published : Mar 19, 2021, 1:58 PM IST

জনীয়া সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল ৷ অসমত এইবাৰ মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য ড৹হাফিজ ৰফিকুল ইছলামৰ ৷

জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল
জনীয়াৰ মহাজোঁটৰ প্ৰাৰ্থী ড° ৰফিকুল ইছলামৰ মনোনয়ন দাখিল

জনীয়া,19 মাৰ্চঃ জনীয়া সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ড৹হাফিজ ৰফিকুল ইছলামে শুকুৰবাৰে হাজাৰ হাজাৰ সমৰ্থক লৈ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷ কলগাছিয়াৰ পাট বজাৰৰ পৰা সমদল উলিয়াই ড৹ হাফিজ ৰফিকুল ইছলামে কলগাছিয়াস্থিত ৰূপসী ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হয় ৷

জনীয়াৰ কংগ্ৰেছৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে তেওঁৰ সমৰ্থক সকলে কংগ্ৰেছ জিন্দাবাদ, মহাজোঁট জিন্দাবাদ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । এই যাত্ৰাত মহাজোঁটৰ অংশীদাৰ দল কংগ্ৰেছ, এ আই ইউ ডি এফ, চি পি আই (এম), চি পি আই (এল)ৰ নেতা কৰ্মী আৰু সমৰ্থক সকলে ভাগ লয় ৷ জনীয়াত এইবাৰ ৰাইজে মহাজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰাই দিছপুৰলৈ পঠাব । লগতে অসমত এইবাৰ মহাজোঁটে চৰকাৰ গঠন কৰি সাম্প্ৰদায়িক শক্তি বিজেপি মিত্ৰজোঁটক উৎখাত কৰি বিদায় দিয়া হ’ব বুলি মন্তব্য কৰে ড৹ হাফিজ ৰফিকুল ইছলামে ৷

লগতে পঢ়কঃচেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.