ETV Bharat / state

জনীয়াত তীব্ৰগতিত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ - jania bjp candidate election campaign

জনীয়াত বিজেপি প্ৰাৰ্থী যুৱনেতা ছহিদুল ইছলামে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ গাঁৱে-ভূঞে গৈ ৰাইজৰ পৰা বিচাৰিছে সমৰ্থন ৷ বিধায়ক ৰফিকুল ইছলামক ভেঞ্চাৰ বিধায়ক আখ্যা ছহিদুল ইছলামৰ ৷

জনীয়াত তীব্ৰগতিত চলিছে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Mar 24, 2021, 7:40 PM IST

বৰপেটা,২৪ মাৰ্চ: জনীয়া সমষ্টিত এইবাৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ছহিদুল ইছলামক । এগৰাকী সৎ, নিষ্ঠাবান যুৱনেতা হিচাপে পৰিচিত ছহিদুল ইছলামে ইতিমধ্যে সমষ্টিৰ গাঁৱে-ভূঞে ৰাইজৰ মাজলৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে ৷ বিশেষকৈ সমষ্টিটোৰ মহিলা ভোটাৰসকলক টাৰ্গেট কৰি ভোট যুদ্ধত নামিছে বিজেপি প্ৰাৰ্থী ছহিদুল ইছলাম ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে ছহিদুল ইছলামৰ বিভিন্ন ধৰণৰ অভিযোগ সমষ্টিটোৰ বৰ্তমানৰ বিধায়কৰ বিৰুদ্ধে । বিগত দুটাকৈ কাৰ্যকালত জনীয়াৰ এআইইউডিএফ-ৰ বিধায়ক ড৹ ৰফিকুল ইছলামে সমষ্টিৰ উন্নয়নত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিধায়কজনক ভেঞ্চাৰ বিধায়ক হিচাপে অভিহিত কৰিছে ছহিদুল ইছলামে ৷ জনীয়াত এইবাৰ ভেঞ্চাৰ বিধায়কৰ কাম নহ'ব আৰু প্ৰায় ৮০ হাজাৰ ভোট লাভ কৰি ছহিদুল ইছলাম জয়ী হ'ব বুলিও দাবী কৰিছে ৷ জনীয়া সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ হৈ বিধায়ক ৰফিকুল ইছলামে এইবাৰ ৰাইজৰ মাজত কন্দা-কটাৰ ৰাজনীতি আৰম্ভ কৰা বুলিও অভিযোগ তুলিছে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

জনীয়াত তীব্ৰগতিত চলিছে বিজেপি প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ

সহজ সৰল ভোটাৰ ৰাইজক চকুপানী টুকি ভোট ভিক্ষা কৰিলেও সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত জনীয়াৰ ৰাইজে এইবাৰ বিধায়ক ৰফিকুলক ভোট প্ৰদান নকৰে বুলি দাবী কৰাৰ লগতে ২ মে'ত তেওঁ কান্দি কাটিয়েই সমষ্টিৰ পৰা বিদায় ল'ব লাগিব বুলিও দাবী কৰে ৷ ইফালে জনীয়াৰ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকসকলৰ লগতে চৰকাৰৰ পৰা বিভিন্ন ধৰণে উপকৃত হোৱা মহিলাসকলে এইবাৰ বিজেপি চৰকাৰকেই ভোট দিব বুলিও দাবী কৰে ৷

আনহাতে বিধায়কৰ ব্যৰ্থতাৰ বিপৰীতে বিজেপি চৰকাৰে জনীয়া সমষ্টিৰ ৰাইজৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ বাবে অসামৰিক চিকিৎসালয়ৰ ব্যাপক উন্নয়ন, মডেল হাস্পতাল স্থাপন, ৩৯ কোটি টকা ব্যয়েৰে আৱাসিক বিদ্যালয় নিৰ্মাণ, ৰাস্তাৰ উন্নয়ন কৰাৰ কথাও সদৰী কৰে ৷ আনহাতে বিজেপি প্ৰাৰ্থীগৰাকী বিজয়ী হ'লে মহাবিদ্যালয়, ক্ৰীড়া বিশ্ববিদ্যালয়, মহকুমা স্থাপন, বেকী নৈৰ খহনীয়া সমস্যাৰ সমাধানকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি প্ৰাৰ্থী ছহিদুল ইছলামে ৷

লগতে পঢ়ক: চৰকাৰ নথকা কংগ্ৰেছৰ গেৰাণ্টি কাৰ্ডৰ কাম নাই: তুলিৰাম ৰংহাং

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.