ETV Bharat / state

Congress protest : স্বাধীনতা সংগ্ৰামৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা নাই; ক’লে আব্দুল খালেকে - কংগনা ৰাণাৱট

মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশ ৷ কাণসাৰ নকৰা চৰকাৰী নেতৃবৃন্দক সকিয়নী বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৷

janajagaran-abhiyaan-by-congress-mp-and-mla-in-barpeta
বৰপেটাত কংগ্ৰেছী নেতাৰ নেতৃত্বত বিশাল জনজাগৰণ অভিযান পদযাত্ৰা
author img

By

Published : Nov 19, 2021, 10:50 AM IST

বৰপেটা, 19 নৱেম্বৰ : অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এইবাৰ ৰাজপথলৈ ওলাল কংগ্ৰেছী সাংসদ আৰু বিধায়ক ৷ বৃহস্পতিবাৰে বৰপেটাত এক বিশাল পদযাত্ৰাৰ আয়োজন কৰে দুই কংগ্ৰছী নেতা ৷ মূল্যবৃদ্ধিৰ লগতে ভুল বিত্তীয় ব্যৱস্থাপনাৰ বাবে জনসাধাৰণক জাগ্ৰত কৰাৰ উদ্দেশ্যে এই পদযাত্ৰা কৰা হয় ৷

janajagaran-abhiyaan
ৰাজপথলৈ ওলাল এইবাৰ কংগ্ৰেছী সাংসদ আৰু বিধায়ক

মূল্যবৃদ্ধি, দেশৰ ভুল অৰ্থনীতি, চৰকাৰৰ লুটৰাজ আৰু দেশখন পুঁজিবাদী ওচৰত বন্ধকত দিয়া প্ৰৱণতাই দেশখন সৰ্বস্বান্ত কৰাৰ আশংকা প্ৰকাশ কৰে তেওঁলোকে ৷ এইদৰেই যদি চৰকাৰখনে সাধাৰণ ৰাইজৰ কথা নাভাবি ৰাজতন্ত্ৰৰ নীতিৰে চৰকাৰ চলায় গৈ থাকে তেনেহ’লে বিজেপি দল পুনৰ শাসনলৈ আহিব নোৱাৰিব বুলি মন্তব্য কৰি বিজেপি দলক আশা বাদ দিবলৈ আহ্বান জনায় বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানে ৷

বৰপেটাত কংগ্ৰেছী নেতাৰ নেতৃত্বত বিশাল জনজাগৰণ অভিযান পদযাত্ৰা

ইপিনে একেই মন্তব্য আগবঢ়াই বৰপেটাৰ সাংসদ গৰাকীয়েও ৷ লগতে দেশত তোলপাৰ লগোৱা কংগনা ৰাণাৱটৰ বিতৰ্কিত মন্তব্যক লৈও নিজৰ মত প্ৰকাশ কৰে সাংসদ আব্দুল খালেকে ৷ তেওঁ দাবী কৰিছে যে কংগনাই কেৱল মহাত্মা গান্ধীকে নহয়, সমগ্ৰ স্বাধীনতা সংগ্ৰাম খনকে অপমান কৰিছে ৷

এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক সমালোচনা কৰি তেওঁ কয় সামান্যতমো মূল্যবোধ থকা হ'লে কংগনা ৰাণাৱটক গ্ৰেপ্তাৰ কৰি চৰকাৰে পদ্মশ্ৰী সন্মান ঘুৰাই ল’লেহেতেন ৷ স্বাধীনতা সংগ্ৰামত বিজেপি দলে অংশগ্ৰহণ নকৰাৰ বাবেই স্বাধীনতা সংগ্ৰামৰ প্ৰতি বিজেপিৰ শ্ৰদ্ধা নাই বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

লগতে চাওক : অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.