ETV Bharat / state

কেবৰ বাবে দ্বিতীয় অসম আন্দোলন হ'বলৈ নিদিও:বিধায়ক জাকিৰ হুছেইন শিকদাৰ - শংকৰ-আজান ফকীৰ

শংকৰ-আজান ফকীৰৰ এই পবিত্ৰ ভূমিত মমিনুল আৱালৰ স্থান নাই বুলি উল্লেখ কৰি মমিনুল আৱালক এখন সুকীয়া ৰাষ্ট্ৰ গঠনৰ পৰামৰ্শ প্ৰদান কৰে জাকিৰ হুছেইন শিকদাৰে । যিখন ৰাষ্ট্ৰত মমিনুল আৱাল খোদ প্ৰধানমন্ত্ৰী আৰু শিলাদিত্য দেৱ মুখ্যমন্ত্ৰী হ'ব পাৰে তেনে ৰাষ্ট্ৰ গঠন কৰিবলৈ মমিনুল আৱালক আহ্বান জনায় বিধায়কগৰাকীয়ে ।

কেব বিৰোধীতা
বিধায়ক জাকিৰ হুছেইন শিকদাৰ
author img

By

Published : Nov 29, 2019, 6:50 PM IST

বৰপেটা,২৯ নৱেম্বৰ: "শীঘ্ৰে চৰকাৰে অসমত সম্পূৰ্ণ কৰিব লাগে NRCৰ প্ৰক্ৰিয়া ৷ NRC ৰ বাবে অসমত দ্বিতীয় অসম আন্দোলন হ'বলৈ নিদিও ৷" এন আৰ চি আৰু কেব সন্দৰ্ভত এই মন্তব্য সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ অসম চুক্তিক সন্মান জনাই অসম আন্দোলনত 855 জন শ্বহীদৰ কথাও উল্লেখ কৰি এতিয়া উন্নয়নৰ আন্দোলন হ'ব লাগে বুলি মন্তব্য কৰে শিকদাৰে।

বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কেব বিৰোধী মন্তব্য

ইয়াৰোপৰি বিধায়কগৰাকীয়ে কয় যে অসমীয়া মাজত ধৰ্ম-ভাষা এইবোৰক লৈ আন্দোলন হোৱাটো তেওঁ নিবিছাৰে। লগতে এন আৰ চিৰ ভিত্তিবৰ্ষ 71ৰেই থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শিকদাৰে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰি আছে আৰু ব্যক্তিগতভাৱে ময়ো এই বিধেয়কৰ বিৰোধিতা কৰি আছো বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে।

আনহাতে সংখ্যালঘু বিধায়কসকলক ৰোহিংগিয়াৰ বংশধৰ বুলি কোৱা বিজেপি নেতা মমিনুল আৱালৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে জাকিৰ হুছেইন শিকদাৰ। মমিনুল আৱালক প্ৰথমে DNA পৰীক্ষা কৰি তেওঁ কাৰ বংশধৰ সেইটো জানি ল'বলৈ উপদেশ দিয়ে শিকদাৰে। শংকৰ-আজান ফকীৰৰ এই পবিত্ৰ ভূমিত মমিনুল আৱালৰ স্থান নাই বুলি উল্লেখ কৰি মমিনুল আৱালক এখন সুকীয়া ৰাষ্ট্ৰ গঠনৰ পৰামৰ্শ প্ৰদান কৰে জাকিৰ হুছেইন শিকদাৰে। যিখন ৰাষ্ট্ৰত মমিনুল আৱাল খোদ প্ৰধানমন্ত্ৰী আৰু শিলাদিত্য দেৱ মুখ্যমন্ত্ৰী হ'ব পাৰে তেনে ৰাষ্ট্ৰ গঠন কৰিবলৈ মমিনুল আৱালক আহ্বান জনায় বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক: ৰাজ্যজুৰি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

Intro:

বৰপেটা, ২৯ নৱেম্বৰঃ ৰাজ্যসভাত অমিত শ্বাহে এন আৰ চি সন্দৰ্ভত দিয়া বক্তব্য, নাগৰিকত্ব সংশোধনী বিধেয়ক-2016 আৰু মমিনুল আৱালৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । অসমত যি এন আৰ চিৰ প্ৰক্ৰিয়া চলি আছে সেইটো সম্পূৰ্ণ কৰিব লাগে আৰু অসমত দ্বিতীয়বাৰৰ বাবে এন আৰ চিৰ কাম আৰম্ভ কৰিব নালাগে বুলি মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে । Body:অসম চুক্তিক সন্মান জনাই অসম আন্দোলনত 855 জন শ্বহীদৰ কথা উল্লেখ কৰি অসমত দ্বিতীয় অসম আন্দোলন হ'ব নিদিও বুলি কৈ অসমত এতিয়া উন্নয়নৰ আন্দোলন হ'ব লাগে বুলি মন্তব্য কৰে শিকদাৰে । আমাৰ মাজত ধৰ্ম-ভাষা এইবোৰক লৈ আন্দোলন হোৱাটো নিবিচাৰোঁ । অসমীয়া জাতি, অসমীয়া ভাষা থাকিব লাগিব আৰু এন আৰ চিৰ ভিত্তি বৰ্ষ 71ৰেই থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জাকিৰ হুছেইন শিকদাৰে । ভাৰতীয় জাতীয় কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা কৰি আছে আৰু ব্যক্তিগত ভাৱে ময়ো এই বিধেয়কৰ বিৰোধিতা কৰি আছোঁ বুলি উল্লেখ কৰে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে । কেব অহাৰ পিছত অসমীয়া জাতিৰ বিশ্বৰ বুকুত থকা সুনামত ব্যাঘাত জন্মিব বুলি কোৱাৰ লগতে কেব আহিলে অসমীয়া জাতিৰ , অসমীয়া ভাষাৰ ক্ষতি হোৱাৰ আশংকা কৰি কেবক ভাৰতীয় সংবিধানৰ পৰিপন্থী বুলিও উল্লেখ কৰে শিকদাৰে । ইপিনে সংখ্যালঘু বিধায়কসকলক ৰোহিংগিয়াৰ বংশধৰ বুলি বুলি কোৱা বিজেপিৰ নেতা মমিনুল আৱালৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ । মমিনুল আৱালক প্ৰথমতে ডি এন এ পৰীক্ষা কৰি তেওঁ কাৰ বংশধৰ সেইটো জানি ল'বলৈ প্ৰত্যাহ্বান জনাইছে শিকদাৰে । শংকৰ-মাধৱ-আজান ফকীৰৰ এই পবিত্ৰ ভূমিত মমিনুল আৱালৰ স্থান নাই বুলি উল্লেখ কৰি মমিনুল আৱালক এখন সুকীয়া ৰাষ্ট্ৰ গঠনৰ পৰামৰ্শ প্ৰদান কৰে জাকিৰ হুছেইন শিকদাৰে । যিখন ৰাষ্ট্ৰত মমিনুল আৱাল প্ৰধান মন্ত্ৰী আৰু শিলাদিত্য দেৱ মুখ্যমন্ত্ৰী হব পাৰে তেনে ৰাষ্ট্ৰ গঠন কৰিবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে ।

Conclusion:বাইট: জাকিৰ হুছেইন শিকদাৰ, বিধায়ক ।

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.