ETV Bharat / state

CM free diagnostic service centre: মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাকেন্দ্ৰত অৰাজকতা - CM free diagnostic service centre

কি চলিছে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়স্থিত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাত? ২৪ ঘণ্টাই ৰোগীৰ সেৱাত থাকিবলগীয়া কৃষ্ণা ডায়গনষ্টিকৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা বন্ধ হৈ পৰে বিয়লি ৪ বজাৰ লগে লগে । ৰোগীয়ে ঘণ্টাৰ পিছত ঘন্টা বহি থাকিও লাভ নকৰে বিনামূলীয়া ডিজিটেল এক্সৰেৰ সেৱা ।

Irregularities at CM free diagnostic service centre
মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাকেন্দ্ৰত অৰাজকতা
author img

By

Published : Jul 6, 2023, 4:38 PM IST

মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাকেন্দ্ৰত অৰাজকতা

জনিয়া,৬ জুলাই: চৰকাৰী স্বাস্থ্যখণ্ডত চলি থকা চৰম অনিয়মৰ ঘটনাই প্ৰায়ে দখল কৰে সংবাদ শিৰোনাম । চৰকাৰে স্বাস্থ্যখণ্ডত আমোল পৰিৱৰ্তন আনিবলৈ হাাতত লৈছে বিভিন্ন কাৰ্যপন্থা । কিন্তু, একাংশ স্বাস্থ্যখণ্ডই বৃদ্ধাংগুষ্ঠ দেখুৱাইছে চৰকাৰী নীতি-নিৰ্দেশনাক । মূখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা প্ৰদান কৰা এটা কাৰ্যালয়ে পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য ।

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়স্থিত মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাকেন্দ্ৰত চলিছে চৰম অৰাজকতা । কিয়নো বিনামূলীয়াকৈ ৰোগৰ পৰীক্ষা কৰিবলৈ আহি বিপাঙত পৰিছে ৰাইজে । ৰাজ্যৰ প্ৰতিখন অসামৰিক চিকিৎসালয়ত ২৪ ঘন্টাই ৰোগীৰ সেৱাত আছে মূখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা ।

সেই হিচাপে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়তো আছে কৃষ্ণা ডায়গনষ্টিকে চলাই আছিল মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা । কিন্তু কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত কৃষ্ণা ডায়গনষ্টিকৰ নেতৃত্বত চলি থকা মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ সুবিধা লাভ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে, ২৪ ঘণ্টাই ৰোগীৰ সেৱাত থাকিবলগীয়া মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱা ৰোগীয়ে ঘন্টাৰ পিছত ঘন্টা বহি থাকিও লাভ নকৰে এই সুবিধা । এনে এক ঘটনাই পোহৰলৈ আহে বুধবাৰে । এজন ৰোগীয়ে পথ দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ ভৰ্তি হৈছিল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত । চিকিৎসকে ৰোগীক পৰামৰ্শ দিছিল এক্স-ৰে কৰাৰ বাবে ।

কিন্তু ৰোগীজনে ঘন্টাৰ পিছত ঘন্টা বহি থাকিও কৰিব পৰা নাছিল এক্স-ৰে । কিয়নো চিকিৎসালয়খনৰ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ ডিজিটেল এক্স-ৰেৰ কোঠালিত লগোৱা আছিল তলা । ৰাইজৰ অভিযোগ কৃষ্ণা ডায়গনষ্টিকৰ নেতত্বত চলি থকা ডিজিটেল এক্সৰেৰ কৰ্মচাৰীয়ে বাহিৰৰ ডায়গনাষ্টিক চেন্টাৰৰ পৰা কমিছনৰ বাবে ২৪ ঘন্টাই লাভ কৰিব লগা সেৱা নিতৌ এনেদৰে বন্ধ ৰাখে ।

ইফালে, বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ নজিৰুল ইছলামেও কৃষ্ণা ডায়গনষ্টিকৰ নেতত্বত চলি থকা মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাত ব্যাপক অৱহেলা কৰাৰ কথা স্বীকাৰ কৰে । এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Assam Gogoi controversy: মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ক্ষমা খোজাৰ দাবী টাইপাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.