ETV Bharat / state

বৰপেটাত আইপিএলৰ নামত জুৱাখেল: আটক দুই জুৱাৰী

author img

By

Published : Apr 27, 2021, 7:02 PM IST

বৰপেটা আৰক্ষীয়ে আইপিএলৰ নামত জুৱাখেলৰ সৈতে জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক কৰিছে ৷ আটকাধীন দুই যুৱকৰ পৰা এখন ইণ্ডিকা গাড়ী, নগদ ধন ১ লাখ ৩ হেজাৰ ৯শ টকা আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷

ipl-gambler-arrest-in-barpeta
বৰপেটাত আইপিএলৰ নামত জুৱাখেল: আটক দুই জুৱাৰী

বৰপেটা, ২৭ এপ্ৰিল: দেশজুৰি অব্যাহত আছে কৰ’ণাৰ ত্ৰাস ৷ অসমতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ মাজতো বৰপেটাত আইপিএলক লৈ অব্যাহত আছে জুৱাখেল ৷

মঙলবাৰে বৰপেটা আৰক্ষীয়ে আইপিএলৰ নামত জুৱাখেলৰ সৈতে জড়িত থকাৰ অভিযোগত দুই যুৱকক আটক কৰিছে ৷ বৰপেটা থানাৰ উপ-পৰিদৰ্শক মুনীন্দ্ৰ নাথ দাসৰ নেতৃত্বত চলা জুৱা বিৰোধী অভিযানত বৰপেটা চহৰৰ মেটুৱাকুছিৰ পৰা খৰ্গেশ্বৰ পাঠক আৰু সমৰজ্যোতি নাথৰ নামৰ দুই যুৱকক আটক কৰা হয় ৷

আটকাধীন দুই যুৱকৰ পৰা এখন ইণ্ডিকা গাড়ী, নগদ ধন ১ লাখ ৩ হেজাৰ ৯শ টকা আৰু তিনিটা মোবাইল ফোন উদ্ধাৰ কৰিছে বৰপেটা আৰক্ষীয়ে ৷ ইতিমধ্যে ধৃত দুই যুৱকৰ বিৰুদ্ধে ১০০০/২১ পঞ্জীয়ন নম্বৰৰ বিপৰীতে বৰপেটা সদৰ থানাত ৰুজু কৰা হৈছে এক গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩/৩৪ আৰু এ জি বি আইনৰ ১৪১১৫ ৰ অধীনত গ্ৰেপ্তাৰ হোৱা যুৱকদ্বয়ক আদালতত হাজিৰ কৰোৱাৰ পিচত বৰ্তমান জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক: মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যত বলৱৎ হ'ব সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.