বৰপেটা, 22 ফেব্ৰুৱাৰী : আমাৰ গৃহিনী সকলে ৰন্ধাবঢ়া কৰি থকাৰ সময়ত সন্মুখীন হোৱা আটাইতকৈ অবাঞ্চিত সমস্যাটোৱেই হ'ল এলপিজি বা গেছ চিলিণ্ডাৰৰ গেছ শেষ হৈ যোৱাতো ৷ কেতিয়াবা কেতিয়াবা আধা ৰন্ধা ভাত বা তৰকাৰীখন আধা ৰন্ধাকৈয়ে এৰিব লগীয়া হয় ৷ পিছে গৃহিনীসকলৰ এই সমস্যাৰ সমাধান উলিয়াই মঙলবাৰে বৰপেটা প্ৰেছ ক্লাৱত লক্ষ্মী গেছ এজেন্সীৰ সহযোগত ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডৰ গুৱাহাটী মণ্ডলৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গ্ৰাহকৰ বাবে মুকলি কৰিলে কম্প'জিত গেছ চিলিণ্ডাৰ (Indian Oil Corporation launches the sale of Composite gas Cylinders) ৷
এই অনুষ্ঠানত উপস্থিত থাকি বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা লক্ষ্মী গেছ এজেঞ্চীৰ স্বত্বাধিকাৰ গুনীন্দ্ৰ নাথ দাস, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ইণ্ডিয়ান অইল কৰ্প'ৰেছন লিমিটেডৰ গুৱাহাটী মণ্ডলৰ জ্যেষ্ঠ বিষয়াৰ নেতৃত্বত গ্ৰাহকৰ বাবে মুকলি কৰিলে গৃহিনীৰ বাবে সুবিধাজনক এই কম্প'জিত গেছ চিলিণ্ডাৰ (IOCL Launches composite LPG Cylinder in Barpeta) ৷
এই চিলিণ্ডাৰৰ আছে কেবাটাও বিশেষ গুণ ৷ এই বিশেষ গুণ কেইটা ক্ৰমে, ৰন্ধা-বঢ়া কম্প'জিত চিলিণ্ডাৰৰ ভিতৰত কিমান পৰিমানৰ গেছ সেয়া গৃহিনীসকলে গম পাব ৷ লগতে গেছ শেষ হোৱাৰ আগতেইৱ আগতীয়াকৈ চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব ৷
তদুপৰি 10 কিলো এলপিজিসহ কম্প'জিত চিলিণ্ডাৰটোৰ ওজন হ’ব প্ৰায় 15 কিলো ৷ ফলত গৃহিনীসকলে এই চিলিণ্ডাৰটো সহজেই দাঙিব পাৰিব ৷ ইয়াৰোপৰি, এই কম্প'জিত চিলিণ্ডাৰটোৰ আন এক সুবিধা হৈছে এই চিলিণ্ডাৰটো ব্যৱহাৰ কৰিলে টাইলচত মামৰে নধৰে ৷
লগতে পঢ়ক : পূৰ্বৰ বন্ধ আৰু পথ অৱৰোধৰ কথা সোৱঁৰাই মণিপুৰত মোদীয়ে বিচাৰিলে বিজেপিৰ সংখ্যাগৰিষ্ঠ চৰকাৰ