জনীয়া, 15 আগষ্ট : এইবাৰ বিদেশতো পালন কৰা হয় দেশৰ 73তম স্বাধীনতা দিৱস । চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়াত মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ উদ্যোগত অসমৰ হজযাত্ৰী সকলে ডিঙিত অসমীয়া গামোচা লৈ পালন কৰে 73তম স্বাধীনতা দিৱস ।
ভাৰতীয় সময়মতে পুৱা 9 বজাত অসম আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ মুখ্য সচিব মণিৰউদ্দিনৰ সহযোগত হাজী দেৱান নুৰ ইছলাম, ছামচুল হক আৰু উত্তৰ পূৰ্বাঞ্চলৰ যুটীয়া হজ কমিটিৰ সম্পাদক আব্দুল হান্নান তাপাদাৰে যুটীয়াভাৱে পতাকা উত্তোলন কৰে । পতাকা উত্তোলন কাৰ্যসূচীত অসমৰ কেইবাশতাধিক হজযাত্ৰী উপস্থিত থাকি ভাৰতৰ জাতীয় সংগীত পৰিবেশন কৰে ৷ মুম্বাইৰ আল আমিনা ওমৰা হজ ট্ৰেভেলছৰ অসম ৰাজ্যিক কমিটিৰ এই পদক্ষেপক হজযাত্ৰীসকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে ।