ETV Bharat / state

Artificial floods in Barpeta : কৃত্ৰিম বানৰ কবলত বৰপেটাৰ হাউলি

author img

By

Published : Jun 15, 2022, 10:18 PM IST

বানত ককবকাইছে ৰাজ্যবাসী (Flood in Assam)৷ নেৰা-নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লেখিয়াকৈ বৰপেটাৰ ভিন্ন অঞ্চলো এতিয়া কৃত্ৰিম বানৰ কৱলত পৰিছে (Incessant rainfall brings artificial floods) ৷ ফলত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে বৰপেটাবাসীৰ মাজতো ৷

Flood in Assam
কৃত্ৰিম বানৰ কবলত বৰপেটাৰ হাউলি

বৰপেটা, ১৫ জুন : অবৰ্ণনীয় ৰাজ্যৰ বান পৰিস্থিতি (Flood in Assam) ৷ উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ চৌদিশে এতিয়া কেৱল পানী আৰু পানী ৷ অকল গুৱাহাটী মহানগৰীয়েই নহয় (Artificial floods in Guwahati), কৃত্ৰিম বানৰ কবলত পৰিছে ৰাজ্যৰ ভিন্ন ক্ষেত্ৰও ৷

বিগত কেইবাদিন ধৰি ৰাজ্যত হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ লেখিয়াকৈ বৰপেটাৰ ভিন্ন অঞ্চলো এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে (Artificial floods in Barpeta) ৷ বিশেষকৈ বৰপেটাৰ হাউলীৰ নগৰঝাৰ অঞ্চলৰ সমগ্ৰ বাটপথ এতিয়া ডুব গৈছে পানীৰ তলত ৷ আনকি কৃত্ৰিম বানৰ ফলত বহু পৰিয়ালৰ ঘৰ জলমগ্ন হোৱাৰ লগতে বহু লোকৰ পুখুৰীৰ পৰা কেইবা লাখ টকাৰ মাছ ওলাই গৈছে ।

কৃত্ৰিম বানৰ কবলত বৰপেটাৰ হাউলি

যাৰ ফলত এতিয়া অঞ্চলটোৰ লোকসকলে ভীষণ ক্ষতিৰ সন্মুখীন হ’ব লগাত পৰিছে ৷

অঞ্চলটোৰ একাংশ লোকে উল্লেখ কৰা অনুসৰি, একাংশ দুষ্ট মনোবৃত্তিৰ লোকে পথৰ ওপৰত থকা পানী ওলাই যোৱা কালভাৰ্টসমূহৰ মুখ বন্ধ কৰি দিছে ৷ ফলত অঞ্চলটো এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে ৷ আনকি বহু লোকে পথৰ কাষতে পুখুৰী খান্দি পানী ওলাই যোৱা পথসমূহ বন্ধ কৰি দিয়াৰ বাবেই এতিয়া নগৰঝাৰ গাঁৱৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছে কৃত্ৰিম বান ৷ সেয়ে এই সন্দৰ্ভত জিলা প্ৰশাসনক কঠোৰ দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক : লখিমপুৰলৈ অশনি সংকেত : মুষলধাৰ বৰষুণৰ মাজতে নীপকোৱে এৰিছে প্ৰকল্পৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.