ETV Bharat / state

সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ মীন মহল আঁচনিৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ মীনমহল আঁচনিৰ শুভাৰম্ভ ৷ সৰ্থেবাৰীত কৃষ্ণগুৰু সেৱাশ্ৰমত অসম ৰাজ্যিক মীন উন্নয়ন নিগমে আশ্ৰমৰ বহুৱাতা বিলত এক লাখ মাছ মেলি এই আঁচনিৰ শুভাৰম্ভ কৰে ৷

সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ মীন মহল আঁচনিৰ শুভাৰম্ভ
সৰ্থেবাৰীত মুখ্যমন্ত্ৰীৰ মীন মহল আঁচনিৰ শুভাৰম্ভ
author img

By

Published : Oct 12, 2020, 10:24 AM IST

পাটাছাৰকুছি, 12 অক্টোবৰ: সৰ্থেবাৰীৰ কৃষ্ণগুৰু সেৱাশ্ৰমত মুখ্যমন্ত্ৰীৰ মীন মহল সংৰক্ষণ আঁচনিৰ শুভাৰম্ভ ৷ দেওবাৰে অসম ৰাজ্যিক মীন উন্নয়ন নিগমে কৃষ্ণগুৰু সেৱা আশ্ৰমৰ বহুৱাতা বিলত 1 লাখ মাছৰ পোনা মেলি প্ৰধানমন্ত্ৰীৰ স্বনিয়োজন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ মীন মহল সংৰক্ষণ আঁচনিৰ শুভাৰম্ভ কৰে ৷

আঁচনিখনৰ শুভাৰম্ভনি কৰি অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অএছডি পদ্মকান্ত হাজৰিকাই জনাই যে পৰৱৰ্তী সময়ত এই আঁচনিৰ যোগেদি সমগ্ৰ অসমত মাছ পালনৰ বাবে প্ৰায় পাঁচ কোটি মাছৰ পোনা যোগান ধৰা হ'ব ৷ হাজৰিকাই লগতে উল্লেখ কৰে যে মাছৰ ব্যৱসায় কৰাৰ ক্ষেত্ৰত এই আঁচনিখন যথেষ্ঠ লাভজনক বিবেচিত হ'ব আৰু ইয়াৰ জৰিয়তে যথেষ্ঠ সংখ্যক নিবনুৱা যুৱক যুৱতীয়ে লাভান্বিত হ'ব ৷

মুখ্যমন্ত্ৰীৰ মীন মহল আঁচনিৰ শুভাৰম্ভ

অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অএছডি পদ্মকান্ত হাজৰিকাৰ লগতে কৃষ্ণগুৰু সেৱা আশ্ৰমৰ কুন্তলা গোস্বামী, মীন বিভাগৰ অভিযন্তাৰ লগতে বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে ৷

লগতে পঢ়ক: কৃষি আইনক ৰাইজৰ মাজলৈ নিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.