ETV Bharat / state

Illicit love affair : পৰকীয়া প্ৰেমৰ বাবে দুই সন্তানৰ পিতৃ-মাতৃক ৰাইজৰ উত্তম মধ্যম

author img

By

Published : Apr 14, 2023, 2:05 PM IST

পৰকীয়া প্ৰেমৰ এক ঘটনাক লৈ তীব্ৰ উত্তেজনা জনীয়াৰ ৰছুলপুৰত (Tense situation in Jania)। প্ৰেমিকাৰ ঘৰৰ চোতালত পুৰুষ-মহিলাক বান্ধি ৰাখিলে ৰাইজে । স্বামী ঘৰত নথকাৰ সুযোগ লৈ দুয়োৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক । দুয়োৰে আছে দুটাকৈ সন্তান ।

পৰকীয়া প্ৰেম
পৰকীয়া প্ৰেমৰ বাবে দুই সন্তানৰ পিতৃ-মাতৃক ৰাইজৰ উত্তম মধ্যম

জনীয়া,১৪ এপ্ৰিল : বৰপেটা জিলাৰ জনীয়াত পৰকীয়া প্ৰেমৰ আন এক ঘটনা সংঘটিত হৈছে (Illicit love affair case in Jania)। এইবাৰ দুই সন্তানৰ পিতৃ আৰু দুই সন্তানৰ মাতৃৰ প্ৰেমৰ অবৈধ সম্পৰ্ক । ৰাইজে হাতেলোটে ধৰিলে দুই প্ৰেমিক-প্ৰেমিকাক । পলায়নৰ চেষ্টা কৰোতে ৰাইজে ধৰি আৱদ্ধ কৰি ৰাখে দুয়োজনক (Public attack two lover)। ঘটনাক লৈ তীব্ৰ উত্তেজনা ।

জানিব পৰা মতে জনীয়াৰ ৰছুলপুৰৰ এগৰাকী মহিলাৰ নিজৰে সৰু ভনীয়েকৰ স্বামী অৰ্থাৎ ভনী জোৱায়েক ৰহিম উদ্দিনৰ লগত অবৈধ সম্পৰ্ক আছিল । তেওঁলোকৰ অবৈধ সম্পৰ্কৰ কথা চুবুৰীয়াসকলেও গম পাইছিল । স্বামী নথকাৰ সুযোগ লৈ প্ৰায়ে প্ৰেমিকে মহিলাগৰাকীৰ ঘৰলৈ আহে । এইবোৰ দেখি দেখি অতিষ্ঠ হৈ পৰিছিল অঞ্চলটোৰ ৰাইজ । ইফালে বৃহস্পতিবাৰেও মহিলাগৰাকীৰ নিমন্ত্ৰণ পাই পুনৰ প্ৰেমিক ৰহিম উদ্দিনে বালিকুৰীৰ পৰা আহি ৰসুলপুৰ গাঁৱৰ মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিল । নিশা মহিলাগৰাকীৰ ঘৰতে আছিল ৰহিম উদ্দিন ।

পিছে এইবাৰ দিন বেয়া আছিল প্ৰেমিক আৰু প্ৰেমিকাৰ । ৰহিম উদ্দিন অহা খবৰ পোৱাৰ পাচতে পুৱতি নিশা ৰাইজে দুয়োকে কৰায়ত্ত কৰাৰ চেষ্টা কৰে । কিন্তু সুযোগ বুজি দুয়ো পলায়নৰ চেষ্টা কৰে । আনহাতে একাংশ উত্তেজিত ৰাইজে দুয়োকে কৰায়ত্ত কৰে আৰু প্ৰহাৰো কৰে ।

উল্লেখ্য যে তেওঁলোকৰ এই প্ৰেমৰ সম্পৰ্ক দীৰ্ঘদিনীয়া (Extra marital affair in Jania)। পশ্চিম বালিকুৰী গাঁৱৰ দুই সন্তানৰ পিতৃ ৰহিম উদ্দিন । আনহাতে ৰসুলপুৰ গাঁৱৰ মহিলাগৰাকীৰো দুটাকৈ সন্তান আছে । স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থাকে । পুৱতি নিশা প্ৰায় ৪ মান বজাত ৰাইজে দুয়োকে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে (Tense situation in Jania)। সন্তানৰ কথা চিন্তা নকৰি এনেদৰে অবৈধ সম্পৰ্ক স্থাপন কৰা দুয়োগৰাকী পুৰুষ-মহিলাকে কঠোৰ শাস্তি প্ৰদানৰো দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক :Allegations against Headmaster: প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ১৪ লক্ষাধিক টকা আত্মসাৎ কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.