বৰপেটাৰোড,10 জুন: ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে দেওবাৰে নিশা এখন নম্বৰপ্লেট বিহীন বলেৰ' পিক আপ গাড়ীৰে অবৈধভাৱে চাৰিটা গৰু তেজপুৰ অভিমুখে কঢ়িয়াই নি থকাৰ সময়তে এক গোপন সূত্ৰত ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে গৰু ভৰ্তি গাড়ীখন জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে ৷ আটকাধীন লোক কেইজন ক্ৰমে তাহেৰ আলী,শ্বহিদুল ইছলাম,মজিবৰ ৰহমান আৰু আইনুদ্দিন ৷ ইয়াৰে শ্বহিদুল ইছলাম আৰু মজিবৰ ৰহমানৰ ঘৰ শোণিতপুৰ জিলাত আনহাতে আইনুদ্দিন আৰু তাহেৰ আলীৰ ঘৰ বৰপেটাৰ বালাভিঠাত বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: আছাম ৰাইফলছ আৰু অৰুণাচল আৰক্ষীৰ বৃহৎ সফলতা
উল্লেখ্য যে গৰুকেইটা বিহাৰৰ পৰা নথিপত্ৰ নোহোৱাকৈ অবৈধভাৱে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে কঢ়িয়াই নি থকা হৈছিল ৷ অবৈধভাৱে গৰু সৰবৰাহ কৰাৰ অপৰাধত বৰপেটাৰোড আৰক্ষীয়ে আটক কৰা লোককেইজনক সোমবাৰে বৰপেটা কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷