ETV Bharat / state

চৰকাৰী বজাৰ গৃহত অবৈধভাৱে কোঠালী বিক্ৰীৰ অভিযোগ - গোচৰ ৰুজু

বৰপেটাৰ বানিয়াৰাপাৰা বজাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে উঠিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ । চৰকাৰী বজাৰ গৃহত কোঠালী সাজি অবৈধভাৱে বিক্ৰী কৰিছে বজাৰ পৰিচালনা সমিতিয়ে । পঞ্চায়ত সভানেত্ৰীসহ বজাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰাৰ লগতে উৰ্ধতন কৰ্তৃপক্ষৰ হস্তক্ষেপৰ দাবী কৰে বিক্ৰেতাসকলে ৷

Illegally market room Sale in government market place at Barpeta
চৰকাৰী বজাৰ গৃহত অবৈধভাৱে কোঠালী বিক্ৰীৰ অভিযোগ
author img

By

Published : Aug 12, 2020, 11:54 AM IST

বৰপেটা, 12 আগষ্ট: বৰপেটা জিলাৰ বানিয়াৰাপাৰা বজাৰ পৰিচালনা সমিতি আৰু কুমুল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন ৷

চৰকাৰী বজাৰ গৃহত অবৈধভাৱে কোঠালী বিক্ৰীৰ অভিযোগ

উল্লেখ্য যে, কুমল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰুমা পাৰবীন চুলতানা খানমৰ নেতৃত্বত বজাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া ক্ৰমে- আলাল উদ্দিন,জাকিৰ হুছেইন,কামাল হাচান আৰু হৰমুজ আলীয়ে বজাৰ গৃহত অবৈধভাৱে ৭ টা কোঠালী সাজি প্ৰতিটো কোঠা ৬০-৭০ হাজাৰ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে বিক্ৰেতাসকলে ৷

আনহাতে অভিযোগ অনুসৰি,সাধাৰণ পাচলি দোকানীৰ পৰাও তেওঁলোকে নিৰ্দয়ভাৱে আদায় কৰিছে ৬০ হাজাৰ টকা ৷ এই ধন সংগ্ৰহ কৰিছে যদিও বজাৰ পৰিচালনা সমিতিয়ে কোনো এজন দোকানীকে প্ৰদান কৰা নাই ধন সংগ্ৰহৰ ৰচিদ ৷

ইফালে,মাছ বজাৰত মাছ বিক্ৰেতাৰ পৰা তেওঁলোকে বিচৰিছে ৬-৭ হাজাৰ টকা ৷ মাছ বিক্ৰেতাসকলে পৰিচালনা সমিতিক ধন আদায় দিব নোৱাৰাৰ বাবে তীক্ষ্ণ ৰ'দত আৰু বৰষুণত তিতি ফুটপাথত মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে ৷

ঘটনা সন্দৰ্ভত কুমল্লীপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী বজাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত ৰাইজৰ হৈ শফিকুল ইছলামে এজাহাৰ দাখিল কৰাৰ লগতে বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াক স্থানীয় ৰাইজে লিখিতভাৱে অৱগত কৰে ৷ অৱশ্যে ৰাজহুৱা সম্পত্তি বিক্ৰেতাসকলৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো পক্ষই বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: গোলাঘাটত স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.